এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
( ১২ )

দেখি নৰকৰ ক্ৰোধ জ্বলি গৈলা অতি।
গৰুডক মাৰিলেক প্ৰচণ্ড শকতি॥ ৪৯ ॥
ইন্দ্ৰৰ বজ্ৰকো যিটো কৰি আছে হত।
হেনয় শকতি পড়ি গৈল গৰুড়ত॥
কৃষ্ণৰ বাহন পক্ষী ততো নকম্পিল।
প্ৰমত্ত হস্তীক যেন হানিলেক সাল॥ ৫০॥
কিছুয়ে নভৈল দেখি নৰক আকুল।
ক্ৰোধে মাধৱক লাগি হানিলেক শূল॥
নতু শূল প্ৰহাৰন্তে প্ৰভু নাৰায়ণে।
চক্ৰ হানি শিৰ ছেদিলন্ত তেতিক্ষণে॥ ৫১॥
কিৰীটী কুণ্ডলে সুমণ্ডিত সিটো শিৰ।
পৃথিবীত পড়ি অতি পকাশে ৰুচিব॥
হাহাকাৰ শবদে উঠিল নিজ পুৰে।
দেবগণে আনন্দ কৰন্ত স্বৰ্গ পূৰে॥ ৫২॥
মৃদঙ্গ দুন্দুভি শঙ্খ শবদ তুমুল॥
জয় কৃষ্ণ বলিয়া সিঞ্চয়ে দেৱে ফুল॥
ইন্দ্ৰ আদি দেৱগণে কৰিলন্ত স্তুতি।
তোমাৰ প্ৰসাদে প্ৰভু গুচিল দুৰ্গতি॥ ৫৩॥
পুত্ৰৰ মৰণ পাছে দেখিয়া ধৰণী।
নকৰিল শোক মাধৱৰ ইচ্ছা জানি॥
ভগদত্ত নামে তান আছে নাতি খানি।
কৃষ্ণক ভেণ্টাইতে তান আসিল আপুনি॥ ৫৪
অদিতীৰ দুতয় কুণ্ডল লৈলা শান্তি।
মহাৰত্নে জ্বলিলন্ত কৰি অতি কান্তি॥