এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
( ৮ )

গৰুড়ক লাগি কোপে প্ৰহাৰিল শূলে।
পাঞ্চ মুখে আটাসেক দিলা কৌতুহল॥ ২৫॥
দশে দিশ বসুমতি আকাশ পুৰিল।
চণ্ড নাদে ব্ৰহ্মাণ্ডৰ কটাহ লড়িল॥
জগত কম্পিল তাৰ শুনি মহানাদ।
বিস্ময়ে বোলন্ত কিনো মিলিল প্ৰমাদ॥ ২৬॥
মাধৱে দেখন্ত খেদি আসে তাৰ শূল।
প্ৰণয়ৰ বহ্ণি যেন জ্বলে আগ মূল॥
গৰুড়ত পড়ে হেন দেখি আথে বেথে।
দুই শৰে তিনি খণ্ড কৰিলা বাটতে॥ ২৭॥
পাঞ্চ গোট মুখ মেলি আসে দুৰাচাৰ।
এক শত শৰ হৰি কৰিল প্ৰহাৰ॥
কুৰি কুৰি শৰে তাড়িলন্ত প্ৰতি মুখে।
পাছে মুৰ গদা মাৰিলন্ত বড় দুঃখে॥ ২৮॥
থেদি আসে গদা দেখিলন্ত গদাধৰে।
নিজ গদা ধৰি তাৰিলন্ত দৃঢ়তৰে॥
সহস্ৰেক খণ্ড হুয়া গদা চুৰ ভৈলা।
দেখি মূৰ দানৱ ক্ৰোধতে জ্বলি গৈল॥ ২৯॥
চায়ে আগ পাছ কিছু অস্ত্ৰ শস্ত্ৰ নাই।
দশখান হাত মেলি ধৰিবাক যায়॥
খেদি আসে দেখি চক্ৰ মাৰিল মুৰাৰি।
পাঞ্চ গোট শিৰ ছেদিলন্ত লীলাকৰি॥ ৩০ ॥
গিৰি শৃঙ্গ ভাঙ্গিলেক বজ্ৰে যেন মতে।
গৈল প্ৰাণ ছাৰি, বীৰ পৰিল জলতে॥