পৃষ্ঠা:নীতি কথা.pdf/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তো নিজিৰালে, এই কাৰণে কাছই আগেয়ে পৰ্ব্বত পায় জিকিল । পাছে শহা পহুএ সাৰ পায় দেখিলে যে, কাছ তাতকৈ আগ হৈ গ'ল, তাতে সি বৰ লাজ পালে; কিন্তু তেতিয়াৰ সেই লাজ বৃথা ।

ইয়াৰ অৰ্থ এই ।

 বলী নিৰ্ব্বলীৰ যুদ্ধ হলে বলী জনে হেমাহি কৰি থকা উচিত নহয়; কিয়নো এনেকুৱা হব পাৰে যে, বলীৰ অৱহেলাতে নিৰ্ব্বলী জনো জিকে; এই ৰূপে বলী জনে লাজ পায়, কিন্তু সি লাজৰ একো ফল নাই ।

৭। কণ্টক বৃক্ষ।

 এজোপা কাইট থকা বৃক্ষই এজন মলিয়াক বুলিলে, যদি কোনোৱে মোক যতন কৰি বাৰীৰ মাজত ৰোএ, আৰু দিনে দিনে মোৰ গুৰিত পানী দিএ, তেনে হলে ৰজাবি-লাকেও মোৰ ফুল আৰু ফল চাবলৈ পুৰুষাৰ্থ কৰিব । এই কথা শুনি বিশ্বাস কৰি মলিয়াই তাক আনি বাৰীৰ মাজতে এক ভাল ঠাইত ৰুলে, আৰু নিতে দুবাৰ দুবাৰ পানী দিবলৈ ধৰিলে। এই ৰূপ কৰাতে কাঁইট গছ জোপা বাঢ়ি ডাঙ্গৰ হল, আৰু যিবিলাক গছ তাৰ চৰিও ফালে আছিলে, সেই গছবিলাকৰ ওপৰলৈকে ডাল পাত বাঢ়ি আটাইবোৰক হেচি ধৰি মাৰিলে। কালক্ৰমে তাৰ শিহ-ৰিও বাঢ়ি গোটাই খান বাৰী যুৰিলে, আৰু কাঁইটৰ নিমিত্তে তাৰ ওচৰলৈ কোনো যাব নোৱৰা হল ।

ইয়াৰ অৰ্থ এই ।

 দুষ্ট মানুহক ঠাই দি তাক যিমান আদৰ কৰা যায়,