পৃষ্ঠা:নীতি কথা.pdf/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৮

ইয়াৰ অৰ্থ এই।

 সঁচা বিনে মিছা কোৱা মানুহৰ উচিত নহয়, কিয়নো এবাৰ মিছা কথা কোৱাৰ প্ৰমাণ পালে, সি সঁচা কথা কলেও তাক কেৱে নপতিয়াই।

—————

২৫| বক আৰু শামুক ভঙ্গা।

 কোনো এখন বিলৰ ওচৰত এটা বক আৰু এটা শামুক ভঙ্গা থাকে, আৰু দুয়ো চৰায়ে বিলৰ মাছ আৰু শামুক আদি খায়, পাছে দৈবাত এবছৰি বৰখুণ নাইকিয়া হলত, সেই বিলৰ এটাই পানী শুকাই অকল বোকা মাত্ৰ ৰল। বকৰ পানীৰ পৰা মাছ ধৰি খোৱা অভ্যাস, বোকাত যাব নোৱৰাতে খাওনৰ কম হৈ বৰ দুঃখ পায় বক মৰিব লগা হল। কিন্তু শামুক ভঙ্গাৰ বোকাৰ পৰা মাছ ধৰি খোৱা অভ্যাস আছে, এতেকে মনৰ ইচ্ছাৰে মাছ খায় নিতৌ মহা আনন্দে নাচবাগ কৰি থাকে। কিন্তু বক অতি টেগৰ, সি ইয়াৰ আন একো উপায় নেদেখি শামুক ভঙ্গা চৰাইক বুলিলে,হেৰা ভাগ্যৱন্ত, তুমি আৰু ময় বহু দিনৰে পৰা এই ঠাইতে আছোঁ, তেও তোমাৰে মোৰে কথা বাত্ৰা খোৱা দোৱা আদি আলাপ হোৱা নাই, এইটো ভাল কথা নহয়, এতেকে তোমাৰে সৈতে মিত্ৰ কৰিবলৈ মোৰ মন আছে৷ তাতে শামুক ভঙ্গা চৰায়ে বগলিৰ ধূৰ্ত্তালী বুঝিব নোৱাৰি মান্তি হল, আৰু দুয়ো মিত্ৰ কৰিলে। কিছু দিনৰ পাছত বগলিএ বুলিলে, হেৰা মিত্ৰ, বিলৰ পানী শুকুয়াত মাছ ধৰিব নোৱাৰি লঘোনে থকাত মই অতি দুঃখ পাইছোঁ, এনে কালত তুমি যদি মোক কিছুমান খাবলৈ দিয়া তেহে