পৃষ্ঠা:নীতি কথা.pdf/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৭

 

ইয়াৰ অৰ্থ এই।

 আনৰ কুশল আৰু সুখ শান্তি গুছাই নিজৰ আনন্দ জন্মোৱা, ই অতি অযুগুত অৰু নিৰ্দ্দয়া কৰ্ম্ম।

———

২৪। গৰখিয়া আৰু কৃষিয়ক।

 কোনো এখান পথাৰৰ মাজত এটা গৰখিয়াই গৰু চৰাই থকাত কেতিয়াবা কেতিয়াবা উপহাস কৰি মিছাই এটাহ পাৰি কয়, হেৰা খেতিয়ক সকল, আমাৰ গৰুৰ মাজতে এটা বাঘ সোমাইছেহি, তোমোলাকে আহি তাক মাৰি আমাক ৰক্ষা কৰা। এনেকৈ বোলাত কৃষিয়ক লোকে গৰখিয়াৰ এই কথা শুনি টাঙ্গোন যাঠী লৈ বাঘ মাৰিবলৈ গৈ দেখিলে যে, বাঘ নাইকিয়া গৰখিয়াই ভাণ্ডনাহে কৰিছে; এই ৰূপে গৰখিয়াৰ উপহাসত খেতিয়ক লোকে লাজ পায় উভতি গল। পাছে এদিনা স্বৰূপকৈ বাঘ এটা গৰুৰ ঝাকৰ মাজতে সোমালহি, ইয়াতে গৰখিয়াই আগৰ দৰে এটাহ পাৰি পথৰুয়া লোকক মাতিবলৈ ধৰিলে; তাতে খেতিয়কবিলাকে মনত গমি চাই বুলিলে, আমি সকলোকে গৰখিয়াই ভাওনাহে কৰিছে, এই বুলি কোনোএ তাক ৰাখিবৰ অৰ্থে ওচৰলৈ নোযোৱাত বাঘে অনেক গৰু মাৰি শেষে গৰখিয়াকো মাৰিলে।

মৰণ কালত গৰখিয়াই অসন্তোষ কৰি মনত ভাবিলে, বোলে, হায়, হায়! আগেয়ে পথৰুয়া লোকেৰে সৈতে মিছা ভাওনা কৰি কিয় উপহাস্য কৰিলোঁ ! যেতিয়া মিছাই পথৰুয়া লোকক মাতিছিলোঁ, তেতিয়া সিবিলাক অহিছিল, কিন্তু এতিয়া সঁচাকৈয়ে বাঘে; আমাক বধ কৰিলে তথাপি কোনোএ আহি আমাক নেৰাখিলে।