পৃষ্ঠা:নীতিলতাঙ্কুৰ.djvu/২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্ৰকৃতিনিৰ্ণয়ঃ।


 মন্ত্ৰণামণ্ডলমুচ্যতে,

দ্বাদশেতি মনুঃ প্ৰাহ ষোড়শেতি বৃহস্পতিঃ
উশনা বিংশতিৰিতি মন্ত্ৰিণাং মন্ত্ৰমণ্ডলং। কা-১২।৪৮

 মনুৰ মতে দ্বাদশ আপ্ত পুৰুষেৰে মন্ত্ৰণ কৰিব, বৃহস্পতিৰ মতে ষোড়শ আপ্ত পুৰুষেৰে মন্ত্ৰণা কৰিব, উশনাৰ মতে বিংশতি পুৰুসেৰে মন্ত্ৰণা কৰিব। আকে মন্ত্ৰীসকলৰ মন্ত্ৰণামণ্ডল বুলি বুজিব।

 অথ মন্ত্ৰণায়াঃ পঞ্চাঙ্গমাহ,-

সহায়াঃ সাধনোপায়া বিভাগো দেশকালয়োঃ
বিপত্তেশ্চ প্ৰতীকাৰঃ পঞ্চাঙ্গো মন্ত্ৰ উচ্যতে। কা-১২।৩৬

 অস্যাৰ্থঃ —এই পঞ্চঙ্গকে মন্ত্ৰণাৰ অঙ্গ বোলে। সহায় বুলি মিত্ৰক বোলে, সাধন বুলি যুদ্ধোপকৰণক বলে, উপাই বুলি সামাদি চাৰি উপায়কে বোলে। দেশকালৰ বিভাগক জানিব। মন্ত্ৰণাত বিপত্তি মিলিলে প্ৰতিকাৰ কৰিব পাৰিব। নীতিমন্ত পুৰুষে মন্ত্ৰণা কৰি ক্ৰমে শিৰ স্কন্ধ বাহু উৰু পাদ এই পঞ্চাঙ্গকে মন্ত্ৰণাত নিয়োজন কৰিব। সাঙ্গ হলেহে ক্ৰিয়া ফলবন্ত হয়।

বৈদিকক্ৰিয়াদৌ বোদ্ধব্যা।

 প্ৰকৃতিঃ কথ্যতে,-

যথান্তৰাত্মা প্ৰকৃতীৰধিষ্ঠিত
শ্চৰাচৰং বিশ্বমিদং সমশ্নুতে
তথা নৰেন্দ্ৰঃ প্ৰকৃতীৰধিষ্ঠিত
শ্চৰাচৰং বিশ্বমিদং সমশ্নুতে॥ কা—৪।৭৫

 অস্য়াৰ্থঃ-শ্ৰীনাৰায়ণ পৰমেশ্বৰদেবে প্ৰকৃতি স্বমায়াক আশ্ৰয় কৰি চৰাচৰ বিশ্বক সৃষ্টি কৰি ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ দশদিক্পালাদি স্থানে স্থানে নিযোজন কৰি সৃষ্টি স্থিতি সংহাৰ বিহাৰ ভোগাদিক কৰে, তেনে প্ৰকাৰে নৰেন্দ্ৰৰাজাও অমাত্যাদিক স্ব স্ব স্থানত নিয়োজন কৰি পৰম সুখে বিহাৰ ভোগাদি কৰিব।

অমাত্যৰাষ্ট্ৰদুৰ্গাণি কোষো বলঞ্চ পঞ্চমঃ
এতাঃ প্ৰকৃতয়স্তজ্ জ্ঞৈবিজিগীষোৰুদাহৃতাঃ। কা—৮।৪