পৃষ্ঠা:নীতিকথা.pdf/৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লেখকৰ-দুষাৰ নীতি কথা, মোৰ মনৰ ক্ষোভত জন্ম হোৱা কিছু বিতৰ্ক, হুমনিয়াহ, তাৎচিল্য। একো কৰিবৰ যজ্ঞতা হিন এজন সমজুৱা মই। মন যায় এন্ধাৰবোৰ আঁতৰাই এটা নতুন দিনৰ নতুন বেলিৰ পোহৰ সমাজত পেলাবলৈ। নতুন সমাজখনক নতুন দিগন্তৰ সন্ধান দিবলৈ মনত স্পৃহা যাগে। কিন্তু ইয়ো এক দুৰ্বোধ্য সাঁথৰ। সমাজৰ প্ৰতিজন ব্যক্তি প্ৰথমে নিজক চিনি পাব লাগিব। নিজক সংশোধন কৰিব লাগিব। আমি জ্যেষ্ঠ সফল, সচেতন নহ'লে ভৱিষ্যতৰ সমাজখনক গঢ় দিবলৈ বৰ কঠিন হ'ব। ইয়াৰ বাবে আমি অৰ্থাৎ বৰ্ত্তমান সমাজখনে কিছু স্বাৰ্থ ত্যাগ কৰি লাগিব। বিশেষকৈ আমাৰ সমাজখনত ধৰ্মীয় অনুভূতিৰ বাবে যেন কিছুমান সামাজিব বিশৃংখলতাই দেখা দিছে। বিচাৰ-বিবেচনা, এৰা ধৰাৰ মাজেৰে বিশৃংখলতা আঁতৰাই সমাজখন সুশৃংখলাবদ্ধ কৰি সমাজ বান্ধোনৰ জৰিদাল কঠিন কৰিব লাগিব। প্ৰতিজন চিন্তাশীল ব্যক্তি ভৱিষ্যতৰ বাবে চিন্তা কৰাৰ সময় সমাগত। দুৱাৰদলিতে পাঠকক সম্ভাসন জনাবলৈ ৰৈ থকা মোৰ শ্ৰদ্ধাৰ যাদ সেন ডেকা খুৰাদেউ, শ্ৰীনৰেন্দ্ৰ নাথ হালৈ, নলবাৰী জিলাৰ সাহিত্য সভাৰ সভাপতি শ্ৰীযুত বিপিন কলিতা দেৱলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। মোক সৰ্বতপ্ৰকো উৎসাহ-উদ্দীপনা আগবঢ়োৱা পশ্চিম নলবাৰীৰ সাংবাদিক সন্থাক মোৰ হিয়াভ অভিনন্দন জনাইছোঁ। কিতাপখন প্ৰকাশত মন কৰা মোৰ মৰমৰ কন্যা অৰ্পনা হো আৰু জোঁৱাই জয়কান্ত হালৈক মোৰ মৰম যাচিছোঁ। শেষত ফ্ৰেইণ্ডছ অছে প্ৰেছৰ স্বত্বাধিকাৰী আৰু সমূহ কৰ্মকৰ্ত্তালৈ মই ওলগ জনাইছোঁ। ধন্যবাদেৰে- লেখক