পৃষ্ঠা:নীতিকথা.pdf/৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শিলৰ ৰেখা ভাতৃপ্ৰতীম প্ৰভাত হালৈ এগৰাকী অভিজ্ঞ ওজাপালি দলৰ ডাইনাপালী তথা আগশাৰীৰ খুহুতীয়া ব্যক্তি, সাহিত্য ৰচনাৰ ক্ষেত্ৰতো নতুন সুৰুযৰ কোমল পোহৰৰ ছাঁ পৰিছে। মানুহক কন্দুৱাবাও পাৰে তক্ষনাৎ হহুৱাবও পৰা অশেষ গুণৰ অধিকাৰী ৰূপে ৰাইজ তথা দৰ্শকৰ মাজত সুপৰিচিত। প্ৰতিটো ওজা পদৰ ভিতৰতো নিতী শিক্ষা লুকাই থাকে, তাক ওজাৰ দলটোৱে ফুটাই তোলে। অতি ৰসাল কথাৰে এই পদ বিলাককে ধৰি কেইখনমান গুণসম্পন্ন কিতাপ ৰচনা কৰিছে। কিতাপ কেইখন আকাৰত সৰু হলেও নাউমান চৰাই যেন দেখিলেও অতি কম দিনৰ ভিতৰতে ডাঙৰ চৰাইৰ আকাৰ ধাৰণ কৰিছে। কিতাপ লিখাৰ স্পৃহা নিতৌ ক্ৰমাৎ বাঢ়ি আহিব ধৰিছে। ‘নিতীকথা' নামৰ কিতাপখনক শিলৰ ৰেখাৰ লগত তুলনা কৰিব লাগিব। বিশেষকৈ চৰিত্ৰ গঠন আদিত খামোচ মাৰি ধৰিছে। নিতীশিক্ষাই জীৱনৰ গতি সলাই দিয়ে বেয়াৰ পৰা ভাললৈ। ইয়াৰ নিশ্চিতভাবে মূল্যায়ন আছে। নিতী শিক্ষা জীৱন ধাৰণৰ শিক্ষাৰ এটি অঙ্গ বুলিবও পাৰি। নিতী শিক্ষাই সৎ একামত লাগিবলৈ উৎসাহ প্ৰদানৰ সহায়ক। প্ৰতিজন লোকৰে নৈতিক জ্ঞান অতি প্ৰয়োজন। 'ই এপাত ছাবি। সৎ পথ হ'ল ‘তলা’। আত্মসন্মান, বিবেকিতা আৰু কৰ্ত্তব্য পালন এই

  • কেইটা গুণ ইয়াৰ ওপৰতে নিৰ্ভৰ কৰে। আত্মাৱলম্বী, আত্মদমনকাৰী লোক শিক্ষাৰ অধীনত

থাকে। নৈতিক শিক্ষাৰ প্ৰথম আৰু আচল ঠাই হৈছে নিজৰ ঘৰখন, তাৰ পিছত পঢ়াশালি আৰু শেষত এই জগত। নৈতিক শিক্ষাই প্ৰকৃতিৰ নিয়মৰ অনুবৰ্ত্তী হৈ কাম কৰে। মানুহে জীৱনৰ কু অভ্যাসৰ তলতীয়া নকৰাকৈ কাম কৰিব পাৰে। প্ৰকৃত সৎ মানুহ হিচাপে গঢ়ি তুলিবলৈ নিতী শিক্ষাৰ আশ্ৰয়ত থিয় হোৱাটো যুগুত। সাধু কথাৰ মাজেৰেও নিতী শিক্ষাৰ সমল পেট ভৰাই খাব পাৰি। প্ৰতিটো সাধুতে নিতী কথা থাকিবই। সৰু ল'ৰা ছোৱালীয়ে শিক্ষা আহৰণৰ ক্ষেত্ৰত সাধুকথাৰ পশ্ৰয় লোৱাটো নিতান্তই প্ৰয়োজনীয়। (সাধুকথাবিলাক নিতী কথাৰেই ভৰপুৰ। উপদেশতকৈ যে আৰ্হি ভাল সেইবিলাক কথাও নিতী শিক্ষাৰ মাজেৰে জানিব পাৰি। সৎ লোকৰ সৎবাণী বিলাকো একোটা নিতী শিক্ষা ি নিতী শিক্ষা স্বভাৱ গঠনৰ নিমিত্তে কম শক্তিশালী নহয়। এই কিতাপখন নিতী শিক্ষাৰেই ভৰপূৰ। কিতাপখন সৰল সহজ ভাষাত ৰচনা কৰিছে, ইয়াৰ মানদণ্ড বজাই ৰখাতো সেহায়ক হৈ পৰিছে। ধন্যবাদেৰে- যাদৱ সেন ডেকা সাহিত্যিক পেঞ্চনাৰ উপ-সভাপতি, অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসম শাখা ২০-০১-২০১৯ ইং