পৃষ্ঠা:নীতিকথা.pdf/৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শুভেচ্ছাবানী “নীতি কথা' শব্দটোৱে মানুহৰ প্ৰকৃত জ্ঞানৰ ভান্দাৰকে সূচাই। এই জ্ঞানৰ সান্নিধ্যত এজন মানুহ মহৎ লোকলৈ উন্নিত হ'ব পাৰে। সৰ্বগুণ সম্পন্ন ব্যক্তিয়ে দেৱত্ত লাভ কৰে। খাৰুৱা তেল শোধনাগাৰত শোধিত হৈ ব্যৱহাৰপযোগী হোৱাৰ দৰে বিভিন্ন নীতি কৰ্ম-কাৰ্যৰে পৰিপুষ্ট এজন ব্যক্তি শোধিত হৈ নিজকে মহত্বৰ শ্ৰেণীৰ উপনিত কৰাৰ বাবে। ‘নীতি কথা' বিভিনন্ন উৎসৰ পৰা আয়ত্ব হয় যেনে- নীতি, বচন, মহৎ লোকৰ বাণী, শুভ বাৰ্তা ইত্যাদিবোৰে মানুহক ধৰ্য্য, একাগ্ৰতা, উচ্চ চিন্তা আদিত নিমজ্জিত কৰি সৎ কৰ্মস্পৃহা বঢ়ায়। সামাজিক, ৰাজনৈতিক, আধ্যাত্মিক বিষয়বোৰত উপলব্ধ জ্ঞানৰ ভাবধাৰাই অন্তৰ শুদ্ধিৰ লগতে সমাজত আদৰ্শ ব্যক্তিৰূপে পৰিচয় দিয়াৰ সক্ষমতা বঢ়ায়। এনেহেন জ্ঞান আহৰণৰ বাটত বাটকুৰি বাই আনুষ্ঠানিক শিক্ষাগত অৰ্হতা কম থাকিলেও যে মানুহে ধৈৰ্য্য আৰু একাগ্ৰতাৰে নিজক প্ৰতিষ্ঠা কৰিব পাৰে তাৰে বাস্তৱ নিদৰ্শন প্ৰকাশ কৰিব পৰাটোৱে ইচ্ছা-শক্তিৰ ৰূপান্তৰ মাত্ৰ। সাধাৰণ শুকনান্নিৰ পদ গাই জীৱিকা নিৰ্বাহ কৰা আৰু দেশৰ স্বাধীনতা সংগ্ৰামত আত্মনিয়োগ কৰা ব্যক্তি তথা পূজা গোৱা ওজাপালিৰ ডাইনাপালী নামধাৰী ব্যক্তি প্ৰয়াত বিষ্ণু দাইনাপালীৰ সুপুত্ৰ শ্ৰীপ্ৰভাত হালৈ ডাইনাপালীৰ কৰ্মক্ষেত্ৰৰ ওপৰত আয়ত্ব জ্ঞানেৰে অসম সাহিত্য সভালৈ আগবঢ়োৱা লিখনি প্ৰৱাহে উপলব্ধ জ্ঞানী, বিদ্যৎ সমাজলৈ এটা ভাবৰ বুৰঞ্জী আনিবলৈ সক্ষম হোৱাটো অলৌকিক যেন বোধ হয়। পিতৃৰ কৰ্মৰাজিৰ স্বকৃিতি স্বৰূপে মাতৃ প্ৰয়াত অবলা হালৈ পোৱা মুক্তি যুঁজাৰু পেঞ্চন মৃত্যুৰ আগমুহূৰ্তলৈকে ভোগ কৰি গৈছে। সেই দেশপ্ৰেমিক পিতৃৰ আৰু মাতৃৰ আশীৰ্বাদত সুযোগ্য সন্তান হালৈ ডাইনাপালী ভাষা সাহিত্যত ভুমুকি মাৰি ইতিমধ্যে নখন গ্ৰন্থ প্ৰকাশ কৰাত জ্ঞানী সমাজে আনন্দ উপভোগ কৰিছে। এই পুস্তিকাবোৰে ছাত্ৰ- ছাত্ৰী, যুৱক-যুৱতী, ডেকা-বুঢ়া সকলৰ অন্তৰ বিভিন্ন পথেৰে জয় কৰিবলৈ কৰা চেষ্টাক শলাগ লৈছোঁ। জীৱনৰ বাকী সময়ছোৱাত আকৌ বেছি উন্নতি লাভৰ আশাৰে মোৰ লিখনি ইয়াতে সামৰিছোঁ। আজি উন্মোচিত পুথি নীতি কথা' যেন সমাজৰ আদৰণীয় হয়। এয়াই কামনা। ধন্যবাদেৰে- শ্ৰীনৰেন্দ্ৰ নাথ হালৈ প্ৰাক্তন শিক্ষক, সভাপতি, নলবাৰী জিলা মুক্তি যুঁজাৰু সন্মিলন