পৃষ্ঠা:নীতিকথা.pdf/২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নীতি কথা মুৰ্ত্তি মই শৈশৱ কালতে বিল্বেশ্বৰ দেৱালয়ৰ ডবা ঘৰত খাতখনত থকা সৰু সৰু পিতলৰ কৃষ্ণ, মহাদেৱ, অন্যান্য মুৰ্ত্তি সমূহ, মঠৰ গাত “খোদিত পুৰণি দেৱ-দেৱীৰ মুৰ্ত্তি সমূহ মই দেখিছো। সেইবোৰ চাব নেপাই কাৰণ আমাৰ গুৰুত্ব লিখি ঠৈ গৈছে। মুৰ্ত্তিক নাচাবা প্ৰসাদো নাখাবা ভক্তি হ’ব ব্যভিচাৰ। বাপ ঃ তেনেহ'লে ভগৱানৰ দৰে গুৰুজনাৰো মাজে সময়ে ঘৈণীয়েকৰ লগত কাজিয়া-পেচাল হৈছিল নেকি? কিয় ক'লে? কলো মনে কই এটা কৰে, এটা ভগৱানৰ দৰে ভুল গুৰুজনাইও কৰিলে নেকি? কাৰণ বৰপেটা কীৰ্ত্তন ঘৰ কাৰ সৃষ্টি? গুৰুজনাৰ সৃষ্টি? কীৰ্ত্তন ঘৰৰ চাৰিওফালে হেনো ভগৱানৰ দশ অৱতাৰৰ মুৰ্ত্তি আছে। আছে তেনেহ'লে মুৰ্ত্তিবোৰ চাই কোনে প্ৰসাদ খোৱা নাই। আপুনি কোৱা পদফাকিৰ অৰ্থ কেনেকুৱা। কিৰ্ত্তন ঘৰৰ মুৰ্ত্তি আৰু দেৱালয়ৰ মুৰ্ত্তি বোধয় একে নহয়? বাৰু বাপ মহাশয় মুৰ্ত্তি সম্পৰ্কে মোক অলপ জ্ঞান দিয়ক। বাপ ঃ মুৰ্ত্তি তিনি প্ৰকাৰৰ? মই ঃ তেনেদৰে বুজি নেপাওঁ বাপ ঃ ধৰি লওঁক যাৰ চা আছে সেয়ে মুৰ্ত্তি, চা হিন মুৰ্ত্তি নহয়। মই ঃ কি মুৰ্ত্তি চালে পাপ হয়, কি প্ৰসাদ খালে ব্যভিচাৰ হয়। বাপ ঃ আপোনালোকে দেৱ-দেৱী, দুৰ্গা-কালী ইত্যাদি মুৰ্ত্তি পূজা কৰে