পৃষ্ঠা:নীতিকথা.pdf/১৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

696 নীতি কথা এই সাপটোৰ জ্ঞান নাই, সৰু ভেকুলিটো ধৰি এনেদৰে গোটে গোটে গিলি থোৱাতো উচিত হৈছে নে? যদি এনেদৰে ডাঙৰ জীৱবোৰে স জীৱবোৰক আহাৰ হিচাবে ব্যৱহাৰ কৰে তেনেহ'লে এই জীৱ হিংসা বৃত্তি, ভগৱানৰ সৃষ্টি নহয়নে? ভগৱানৰ কুটিল বুদ্ধি, মই জন্ম দিছে৷ তহঁতে জীৱে জীৱক ধ্বংশ কৰিব লাগিব। ভগৱানৰ ঘৈনীয়েকৰ লগত কৰা কাজিয়াৰ বাবে এনেধৰণে ঘৈণীয়েকৰ প্ৰতিশোধত জীৱৰ বিনাশ হ'ব নেকি? সাপটোৰ পেট ভৰিল। সি হাবিৰ মাজত সোমাল। এই অন্যায়ৰ প্ৰতিবাদ কৰিব কোনে? ভেকুলীৰ সমাজখনত সাপৰ বিপক্ষে প্ৰতিবাদ কৰিব পাৰিবনে? যদি সিহঁতে প্ৰতিবাদ কৰিবলৈ আহে সিহঁতৰ আকৌ বহু ভেকুলী সাপৰ পেটত সোমাব লাগিব। সৰুৰ প্ৰতিবাদ নিস্ফল অহৈতুক। অহঃ কি ঘটনাহে চাওকচোন এই মাত্ৰ ভেকুলী খাই বনৰ মাজত সোমোৱা সাপডালক সেই নেউলটোৱে কেনেকৈ ধৰিছে বাঃ নেউলটোৰ গোটেই গাটো সাপডালে কেনেকৈ মেৰিয়াই ধৰিছে। নাই নোৱাৰে নেউলটোৱে সাপডালক গলত বেয়কৈ কামুৰি ধৰিছে। নাই সাপডাল মৰিল। বেয়া লাগিল দেই এই মাত্ৰ সাপডালে আহাৰ খাই গৈছিল। এতিয়া সি নিজে আনৰ আহাৰ হ'ব লগা হ'ল। হাই বিচি জীৱৰ জীৱনৰ গতিধাৰা বন্ধু আপুনি কাপোৰ সলাই আহক আমি দুয়ো এজন বিজ্ঞপুৰুষৰ ওচৰলৈ যাওঁ। তাত গলে আপুনি বহু জ্ঞান আহৰণ কৰিব পাৰিব, কথা মতে কাম। নমস্কাৰ বাপ নস্কাৰ বহক ক'ৰ পৰা আহিল? So