পৃষ্ঠা:নীতিকথা.pdf/১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1 নীতি কথা 900000 সেইবিলাক? মাকক তিনিবাৰ মান মেডিকেলক নিয়া হ'ল। শৰীৰত হেনো তেজৰ পৰিমান কমি গৈছে? ঔষধ খাই আছে। তাৰ উপৰি ডাক্তৰে এটা পৰামৰ্শ দিছে। খাদ্যৰ বিষয় - সৰু সৰু মুৰ্গীৰ পোৱালীৰ জোল, শিঙিমাছ, মাগুৰ মাছৰ জোল, কুছিয়াৰ জোল খুৱাবলৈ কৈছে। বাহঃ ভগবানৰ ওচৰত ডাক্তৰেও হাৰ মানিলে। বেমাৰীৰ দেহত তেজ বঢ়াবলৈ জীৱৰ দেহৰ তেজৰেই প্ৰয়োজন হৈছে। আচৰিত এজন মানুহৰ দেহৰ শক্তি উৎপন্ন কৰাৰ বাবে শিঙি মাছ, মাগুৰ মাছ, সৰু মুৰ্গী বধ কৰাতো নিশ্চয় পাপ নহয়। কি কৰিব উপায় নাই। চাহ একাপ খাব নেকি? হেৰা চাহ একাপ দিয়া। কনী আছে যদি এখেতক আমলেট এটা কৰি দিবা। হু চাহ, চাহ বনাই থৈছিল নেকি? আমলেটো? দিয়ক খাই থাকো। কথা পাতি থাকো। আজিৰ আলোচনা খিনি বৰ ভাল লাগিছে। পিছে এটা কথা দে চাহ খোৱাৰ পিছত মুখত দিবলৈ মোৰ ঘৰত কিন্তু একো নাই। লগত কিবা আছে যদি খাওঁক। বাৰু আমি আলোচনা আৰম্ভ কৰো। চাহৰ লগত যে কনীটো খালে। এইটো খালে পাপ নহয় নেকি? এইটো জীৱ নহয় নেকি? চমৎকাৰ আপোনালোকৰ চিন্তা শক্তি। এইবিলাক ধৰিলে আপুনি জগতত কেনেকৈ চলিব। মানুহ দেখো খাব নেপাই মৰিব। এৰা সেইয়াই ভগবানৰ ভুল। কাৰণ জীৱে জীৱক নেখালে মানুহৰ দৰে ডাঙৰ জীৱবোৰৰ শৰীৰত উৎকৰ্ষ সাধন নহয়। চাওক চাওক সেইটো কি চাওক এহ ধৰিলে। বৰ ডাঙৰ সাপ দেই। দেখিছে কেনেকৈ তপকৈ ভেকুলিটো ধৰিলে চাওক চাওক কেনেকৈ ভেকুলিটো গিলিব ধৰিছে। হাই ভগৱানৰ সৃষ্টি।