পৃষ্ঠা:নীতিকথা.pdf/১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নীতি কথা XXXXXXXXXXXXXXXXXXXXX কৰি লৈ ফুৰে। সেই গাখীৰ আপোনাৰ বাবে নহয়। বন্ধু নহয় গাখীৰ মানুহে খাবই লাগিব। নহলে বেছি গাখীৰ খালে পোৱালীবোৰ মৰি যাব। কোনে ক'লে আপোনাক? বেছি গাখীৰ খালে পোৱালী মৰি যাব বুলি? অৰণ্যত থকা গৰু মহৰ পোৱালিবোৰ বেছি গাখীৰ খাই মৰি নাইকীয়া হৈছে নেকি? এনে কথা নকব। আপোনাৰ নিজৰ স্বাৰ্থৰ বাবে পোৱালীৰ মুখৰ গাখীৰ খীৰাই খাইছে, বিক্ৰি কৰি ব্যৱসায় কৰিছে। ঘাঁহ - পানীৰ দায়িত্ব। সেই দায়িত্ব আপুনি লোৱা বাবে আপুনি গাই আৰু গাখীৰৰ অধিকাৰী হৈছে এইটো পোৱালীটোৰ প্ৰতি চৰম অন্যায় কৰা হৈছে। হয়, সচাকৈ আমাৰ ধৰ্মগুৰু সকল শ্ৰদ্ধাৰ পাত্ৰ। তেখেতসকলৰ মহান বাণী জীৱ হিংসা মহাপাপ। মানিব লগা বৰ সাৰুৱা কথা। আপুনি ঠিকেই কৈছে গুৰু জনাৰ কথা মানিব লাগে। কিন্তু কিমান জনে গুৰু জনাৰ বাক্য পালন কৰে। প্ৰতিখন শাস্ত্ৰৰ সতৰ্ক বাণীজীৱ হিংসা নকৰিবা। প্ৰাণী হত্যা মহাপাপ। আমিহে কৈছো গো হত্যা মহাপাপ। মুছলমান ভাই সকলৰ পৰ্বসমুহত হেজাৰ হেজাৰ গো হত্যা হৈ থকা নাইনে? নে ম‍ই মিছা কৈছো। আপুনিয়ো দেখিছে কিয় আমি একে দুঠেলিয়া নহয় নে? এইটো জীৱ হিংসা নহয় নেকি? ধৰ্ম কি? ধৰ্মৰ কথা কৈ মুছলমান ভাইসকলে ঈদৰ দিনাখন বধকৰা গৰু, মহবোৰ বধ কৰিলে পাপ নহয়? হাঃ কি ক'লে ধৰ্মৰ নামত পাপ নহয়। তেনেহ'লে দুৰ্গা পূজা বা অন্যান্য পূজাত বলী দিলে কেনেকৈ পাপ হব। এইয়াও একোটা বৰ্ব। এইবোৰ বাদ দিয়ক। আচল কথাটোলৈ আহক। বন্ধু, আপুনি প্ৰতি কথাত ভগবানক দোষ দিছে। হয়, মই ভগবানক ৬ V মা