পৃষ্ঠা:নীতিকথা.pdf/১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১ নীতি কথা ভগবানে ক'লে, নাই মই একো কৰিব নোৱাৰো। যেনেকৈ মৰা মৰ। এতিয়া মই একো কৰিব নোৱাৰো। হতাশাগ্ৰস্ত জীৱবোৰে ভোকৰ তাৰণাত হিংস্ৰ হৈ উঠিল। উপায়ন্তৰ হৈ ডাঙৰ জীৱবোৰে সৰু জীৱবোৰক ধৰি খাবলৈ আৰম্ভ কৰিলে। জীৱে হিংসাৰ আশ্ৰয় লব লগা হ'ল। ভগবানটো ইমান নিষ্ঠুৰ হব লাগেনে? এইয়া যে ভোকৰ তাৰণাত ডাঙৰবোৰে সৰু বোৰক মাৰি খাব খৰিলে এইটো জানো ভাল কথা হ'ল। হৰিণবোৰক সিংহ, বাঘে ধৰি ধৰি খাব ধৰিলে। সৰু মাছবোৰক ডাঙৰ মাছবোৰে ধৰি খাব ধৰিলে। মুঠতে হিংসা বৃত্তিৰে দেখোন জীৱে জীৱন ধাৰণ কৰিব লগা হ'ল! - হেৰি, ৰব কি ক’লে আপুনি? উদ্ভিদ অৰ্থাৎ গজন তাকো হিংসা কৰা হৈছে। গছ লতিকাবোৰ মুৰ দাঙি ঠিয় হব নোৱাৰে। তৃণভোজীসকলে সিহতঁৰো ডালে মুলে চিঙি খাই। বাৰু আপুনিয়ে কওক - আপুনিতো চাৰি মুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ। এই ভগবান বোলাতোৱে আপোনাক কি খাবলৈ দিলে? কি খাই আপুনি জীয়াই থাকিব? মানুহক, গজন অৰ্থাৎ ধান-মাহ, শস্য জাতীয়বোৰ মানুহক খাবলৈ দিছে। বাৰু এইবোৰ তৃণভোজীৰ খাদ্য নহয় নেকি? সিহঁতৰ মুখৰ আহাৰ আমি কাঢ়ি খোৱা নাইনে? এইটোও ভাল প্ৰবৃত্তি নহয়। হে জীৱ শ্ৰেষ্ঠ আপুনিও দেখোন তৃণভোজীৰ মুখৰ আহাৰ কাঢ়ি আনি নিজৰ স্বাৰ্থ পূৰণ কৰিছে। বন্ধু -- গাখীৰ খাওঁক। গাখীৰ। ভগবানে আপোনাক দেহৰ পুষ্টি সাধনৰ বাবে গাখীৰ খাবলৈ দিছে নহয় নে? গাইজনী গাখীৰ কাৰ বাবে সৃষ্টি কৰে আপুনি জানে নে? গাইজনী নিজৰ পোৱালীৰ বাবে গাখীৰ সৃষ্টি কৰে আৰু বহন ৫