পৃষ্ঠা:নীতিকথা.pdf/১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

০%। নীতি কথা তেওঁৰ মনত মহা আনন্দ। জগতখন জীবৰে পৰিপূৰ্ণ হৈ পৰিব। ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। ভগবানৰো সেয়ে হ'ল। ৰাতি- ঘৈনীয়েকৰ লগত-দুৰ্বাদল কাজিয়া। গোটেই ৰাতি চকুত টোপনি নাই, চিন্তা অশান্তি অৱসাদ। তাৰ মাজতেই পূৰ্বে নিৰ্ধাৰিত সময়ত জীৱৰ জন্ম নিদিলে নহব। জীৱৰ জন্ম পৰ্ব আৰম্ভ হ'ল। জীৱ চাৰি প্ৰকাৰৰ। কিছুমান উৰি ফুৰা উৰণ। কিছুমান বুৰি থকা বুৰণ কিছুমান গজি উঠা গজন। কিছুমান ভ্ৰমি থকা ভ্ৰমণ। বিসাদ আনন্দৰ মাজতে জীৱ জগতৰ জন্ম দিয়া কাম শেষ হ'ল। এটা ভাল কাম হ'ল। নহয় ভালৰ লগত এটা ভুলো হ'ল। হবই দিয়ক। ঘৈণীয়েকৰ জ্বালা - আপোনাৰ মোৰ সকলোৰে ক্ষেত্ৰত একে। জীৱৰ জন্ম ঠিকেই দিয়া হ'ল। কিন্তু প্ৰভুই ভুল কৰিলে, জীৱ সমূহ বাচি থকাৰ বাবে সিহঁতক আহাৰ দিয়া নহ'ল। তেনেহ'লে ইহঁতে কি খাই জীয়াই থাকিব? এইটো এটা ডাঙৰ ভুল হোৱা নাই নে? দিগদাৰি, আচঁলতে তিৰোতাবোৰে বুজি নাপাই। এতিয়া কি হব দিয়কচোন। ডাঙৰ বিপদ হ'ল। জন্ম দিও নিদিয়া হ'ল। খাব নাপালে জীৱবোৰ কিমান দিন জীয়াই থাকিব। ছেঃ কথাটো ভাল নহ'ল। উৰণ, বুৰণ, ভ্ৰমণ তিনিও লগলাগি ভগবানক কাকুতি মিনতি কৰিবলৈ ধৰিলে। হে ভগবান, আমাক আহাৰ দিয়ক, নহ'লে আমি ভোকত মৰি যাম। আপুনি আমাক কিবা এটা উপায় দিয়ক। নহ'লে আপোনাৰ সৃষ্টি ধ্বংস হৈ যাব। কিবা এটা কৰক। 8