পৃষ্ঠা:নীতিকথা.pdf/১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১% নীতি কথা 00000 আমি মানুহ হিচাপে বাচি থাকিব লাগিব। বাচি থাকিব লাগিলে খাব লাগিব। মাজে সময়ে আমাৰ খোৱাৰ ৰুচি কমি যায়। ভাতৰ পাটত বহিয়ে আধা-পেটে উঠি যাবলগীয়া হয়। খাবলৈ মন নাই। ভাত আঞ্জা একোৰে সোৱাদ নাপাওঁ। অৰুন মান মাছ বা মাংসৰ জোল হ'লে দুগৰাহ খাব পাৰো। গতিকে এই ক্ষেত্ৰত মাছ মাংস অকনমান লাগিব দিয়কচোন। সমস্যা, বুজিছে সমস্যা। আলহি কেইজনমান আহিব খুজিছে। আলহিয়ো আকৌ নতুন শহুৰৰ ঘৰৰ। কি কৰিব? পইচা হাতত নাথাকিলেও সন্মানৰ প্ৰশ্ন। পাৰিলে মাছ মাংস কনী তিনিও বিধেই যোগাৰ কৰিব লাগিব। এইখিনি নহ'লে কেনেকৈ হব। বেয়া লাগে, মইয়ো বেয়া পাঁও দিয়ক। আমাৰ ঘৰত জীৱ হত্যা কৰা মানুহ নাই। বজাৰৰ পৰা কাটি কুতি অনা মাছ মাংসহে আমাৰ ঘৰত ব্যৱহাৰ হয়। আমাৰ এওঁ আকৌ জীৱ বধ কৰাটো একেবাৰে সহ্য কৰিব নোৱাৰে। জীৱ জন্তুৰ প্ৰতি আমাৰ এওঁ বৰ মৰমিয়াল। চাওকচোন এনে সুন্দৰ ভাবে চৰি ঘাঁহ পানী খাই থকা ছাগলীবোৰ ৰচি লগাই ধৰি বান্ধি বলি দিয়ে, এই মানুহবোৰৰ দয়া-মৰম একো নাই নেকি? এই বলি কটা মানুহবোৰ ইমান নিষ্ঠুৰ নে? বলি কটাৰ সময়ত ইহঁতৰ অকমানো দুখ নালাগে নে? আৰু বলিবোৰ মহ, পঠা ছাগলী, হাঁহ, পাৰ আদি যতনাই আনি দিয়া মানুহবোৰ কেনে নিদয় নিষ্ঠুৰ। ইমানবোৰ জীৱ বধ কৰাটো ভগবানে সহ্য নকৰে। ভগবানৰ কথা | কৈছোতো। তেওঁৰো দোষ আছে দিয়ক। আমি কৰাৰ দৰে ভগবানৰো ভুল কৰা অভ্যাস আছে। মই ভাবিছো ভগবানৰ ভুল কি জানে? তেওঁ যেতিয়া জীৱ জগত সৃষ্টি কৰাৰ বাবে দিন, বাৰ, সময় নিৰ্ধাৰণ কৰিলে