পৃষ্ঠা:নীতিকথা.pdf/১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নীতি কথা 100000 নীতি কথা ২ চেপ্তেম্বৰ, ২০১৮ ইং তাৰিখে মোৰ দুখন কিতাপ উন্মোচন হোৱাৰ কথা। মানুহ কিছুমান নিমন্ত্ৰণ কৰিব লাগিব। মই নিমন্ত্ৰণী পত্ৰ চপাই, সাহিত্য বিষয়ত অৰিহণা আৰু উৎসাহি ব্যক্তি কিছুমানক নিমন্ত্ৰণ জনালোঁ। সন্মুখত বন্ধু এজনক দেখা পাই চিঠিখন আগবঢ়াই দি বিনম্ৰ ভাবে কলো ২ চেপ্তেম্বৰ দহ বজাত এবাৰ দেখা দিব। চিঠিখন নোচোৱাকৈয়ে বন্ধুজনে সুধিলে, মিটিংখন কত হ’ব? মই কলো - মিটিংখন বিল্বেশ্বৰ দেৱালয়ত হব। বন্ধুজনে তপৰাই ক'লে - ক্ষমা কৰিব। আমি মন্দিৰলৈ নাযাওঁ। কাৰণ মন্দিৰত ৰক্তৰ নদী বয়। আমি এইবোৰ ঠাইত নাযাও। মই অলপ অপ্ৰস্তুত অনুভব কৰিলো। কথাষাৰ তেখেতে মিছা কোৱা নাই। সচাকৈ বিল্বেশ্বৰ মন্দিৰত সমাগত শাৰদীয় দূৰ্গা পূজাত, অৰ্ধশতাধিক মহ, পঠা ছাগলী, হাঁহ, পাৰ, সপ্তমী আৰু নৱমী তিথিত বলি দিয়া হয়। উপমা দিবলৈ ৰক্তৰ নদী শব্দটো ব্যৱহাৰ কৰা বাবে তেখেতক বেয়া পাব নোৱাৰি। এই বলি বিধানবোৰ মইয়ো ভাল নাপাওঁ। কিন্তু আমাৰ ভাল পোৱা- বেয়া পোৱাৰ ওপৰত পৰম্পৰা নিৰ্ভৰ নকৰে। ইয়াৰ কাৰনো নথকা নহয়।