পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জহনী ৰোগত ঢুকাই তেওঁ পতি-পুত্ৰ বিহীনা হৈছিল। বীৰ, বাহুৱলী গিৰীয়েকলৈ অটুট পৱিত্ৰ প্ৰেমত মুগ্ধ থাকি তেওঁ আৰু দুনাই সংসাৰ কৰা নাছিল। তেওঁৰ মাটি-বৃত্তি, ধন-বিত এফেৰা আছিল। সেই মাটি-বৃত্তি চলাই আৰু কটনা কাটি মাহীয়ে ক'তো হাত নপতাকৈ খাইছিল। কেবাজনো ভাল মানুহ মাহীত চাপিব খোজাতো মাহীয়ে সেই সকলোকে নিৰাশ কৰি অটল সুদৃঢ় ব্ৰহ্মচাৰিণী ব্ৰত লৈ আছিল। তেওঁৰ গাঁৱৰ যাৰে ঘৰত ল'ৰা-তিৰোতাৰ অসুখ-বিসুখ, জ্বৰ-নৰিয়া হৈছিল তাৰে ঘৰলৈ গৈ ৰোগীক পথ্য সিজাই দি, নিশা পৰ দি, হাত-ভৰি পিটিকি শান্তিময় আৰু ধৰ্ম্মময় কথা কৈ শুশ্ৰুষা কৰি ফুৰিছিল। আতুৰক এমুঠি ভাত দি, দুপৰীয়া পিয়াহ লগা মানুহক পানী দি, দুখীয়া মানুহক মাজে-সময়ে দুমুঠি ধান-চাউল দি সহায়ো কৰিছিল। তেওঁ বগা ফুলজালি নোহোৱা, নিজে বৈ লোৱা কাপোৰ এখন গোটেই গা ঢাকি পিন্ধিছিল। ৰাতিপুৱা ফুল-ফল তুলি তেওঁ দুয়ো বেলা স্বামীৰ উদ্দেশ্যে ঈশ্বৰ কৃষ্ণৰ পূজা কৰিছিল। পূজাৰ অন্তত তেওঁ তদ্‌গতচিত্ত হৈ চকুৰ পানীৰে গাল তিয়াই অষ্টাঙ্গে দণ্ডৱৎ কৰিছিল। তাৰ পিছত মহাপুৰুষ গুৰুৱে ৰচা নাম গাই গাই নিজৰে চিত্তক নিজে আনন্দময় কৰি তুলিছিল। পূজা আৰু নাম গোৱাৰ অন্তত তেওঁ বেলি এক কি দুইমান বজাত নিজে এমুঠি ৰান্ধি-বাঢ়ি খাইছিল।

 দুপৰীয়া ভাগৰ পলাবলৈ অলপ পৰ জিৰণি লৈ আৰু সেই সময়তে নামঘোষাখন অলপ পঢ়ি অঁতাই পিছত ভাটীবেলা ডোখৰত তাঁত-সূত বৈছিল। এইদৰে তেওঁ তেওঁৰ জীৱনত প্ৰেমময়, পৱিত্ৰ আৰু শান্তিময় কৰি ৰাখিছিল। তেওঁ মুখত এনেকুৱা এটা সৌন্দৰ্য্য আৰু এধাৰা তেজ হৈছিল যে তাক দেখিলে মানুহে সহজে বুজিব পাৰিছিল যে, এইজনা সাধাৰণ মানৱী নহয়—এইজনা মাতৃ-সদৃশী দেৱী। সাক্ষাৎ মা ভগৱতী। তেওঁৰ পৱিত্ৰ শান্তিময় সৌন্দৰ্য্যই আৰু চকুৰ তেজে তেওঁক এনেকুৱা তেজাল কৰিছিল যে অন্য মানুহে তেওঁৰ ফালে চাই তেওঁক কোনো কুকথা কওক ছাৰি কুকথা ভাবিবলৈকে সাহ নকৰিছিল। তেওঁৰ ব্ৰহ্মচৰ্য্যৰ তেজ এনেকুৱা আছিল যে তেওঁক মানুহে দূৰৈতে থাওক দেৱতায়ো ভয় আৰু ভক্তি কৰিছিল। ডাঙৰীয়া! এতিয়াও মোৰ সেই মাহীলৈ মনত পৰে। এতিয়াও মই মাজে মাজে সেই পৱিত্ৰ মূত্ৰিও সমাজিকত দেখোঁ; এতিয়াও সমাজিকত মাহীয়ে মোক মাজে মাজে দেখা দি কয়—"বাছা নিৰ্ম্মল! তই দুখ পাইছ?" মই কওঁ—"নাই পোৱা মাহী! মই বৈকুণ্ঠত থকা যেন পাইছোঁ।" মাহীয়ে