পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সুখ নহব। সি তাইৰ সৈতে খাব-ববলৈ নাপাব।" এনেয়ে আমি পলোৱা বেজাৰত তাতে বোপাইৰ অভিশাপ বাক্য শুনি আইৰ হেনো কান্দোনত ঠাই নোহোৱা হৈছিল। বোপায়ে হেনো মোৰ "মুখ নেচাওঁ" বুলি প্ৰতিজ্ঞা কৰিছিল। তাৰপিছত ৰূপহীৰ মাক-বাপেক, ৰূপহীক নিন্দা কৰিবলৈ আৰু সিহঁতৰ এশ ওঠৰটামান নাম থবলৈকো নেৰিছিল। ৰূপহীৰ মাক-বাপেকেও হেনো সেইদৰে মোৰ সাতকুৰি সাতোটামান নাম থৈছিল। কথাত কথা বাঢ়ি হেনো আমাৰ দেউতাৰ আৰু ৰূপহীৰ এখন কিলা-কিলিও হোৱাৰ উপক্ৰম হৈছিল। দেউতাই হেনো ৰূপহীৰ বাপেকক "টোকোনা" "খুজিখোৱা" ইত্যাদি নাম দি কৈছিল—তোৰ সেই বেশ্যা প্ৰকৃতিৰ ছোৱালীয়েই মোৰ গৃহস্থী নাশ কৰিলে। মই মোৰ ল'ৰালৈ অমুক মেধিৰ ছোৱালীজনী খুজিলোঁ। ঘৰেই বা কেনেকুৱা, ছোৱালীয়েই বা কেনে চিকুণ, এইবিলাক সকলো বিবেচনাকে এৰি মোৰ আশা-ভৰসা সোপাকে নাশ কৰি মোৰ ল'ৰাই তোৰ সেই বেশ্যা ছোৱালীজনীৰ ফুচুলনিত এইখন কৰিলে। ওলওঁতে গা দেখুৱাই, সোমাওঁতে গা দেখুৱাই আমি নজনাকৈ থুৰীয়া তামোল দি তাক বলিয়া কৰিলে। ৰূপহীৰ মাক-বাপেকেও হেনো ওলোটাই কৈছিল—"আমাৰ অকালন ছোৱালীজনীয়ে একো নেজানিছিল, তোৰ সেই পঘা-খোৱা, দগধা দুৱাৰ ডাং কটা ল'ৰাটোৰ ফুচুলনিতহে তাই এইদৰে আমাকো তেজি পলাল! আমাৰ ছোৱালী কাৰো ঘৰে-দুৱাৰে যোৱা নাছিল। তোৰ পুতেৰেহে তাইক বিহক বিহুত লঙ দি, খোপাত ফুল খুচি দি বাটে-পথেও মিঠা কৈ ফুচুলাই এতিয়া চুৰ কৰি পলুৱাই নিলে। ধৰিব লাগে কোনে, ধৰে কোনে—"বোলে উলটি চোৰে গিৰীক বান্ধে আৰু চাৰি পোণ গিৰীতে সাধে।" গাঁৱৰ মাইকী মানুহবিলাকে সমস্ত দোষ মোৰ ওপৰত থৈছিল। কিন্তু মতাবিলাকে হ'লে ৰূপহীকে দুষিছিল। শেহত হেনো সকলো পক্ষৰে পৰা থিৰাং হৈছিল যে মই নিৰ্দ্দোষী। কেৱল ৰূপহী হে সৰ্ব্বদোষৰ ভাগী।


অষ্টম অধ্যায়

 আমাৰ গাঁৱত এইবিলাক হুলস্থূল হলেও আমি পলাই অহা সন্দিকৈ গাঁৱত বিশেষ একো গোলমাল হোৱা নাছিল। ৰূপহীয়ে মাহিৰ সকলোবিলাক বন-বাৰি কৰে, মই খৰি, পাত, মাছ চপাই-কোচাই আনো, মাহীয়ে আনন্দ উলাহেৰে আমাক খাবলৈ-ববলৈ ৰোজ দিয়ে আৰু মাজে মাজে তেওঁ