পৃষ্ঠা:নিমি-নৱসিদ্ধ সংবাদ.djvu/৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
শ্ৰীশঙ্কৰ মহাভাগৱত

কনক কেয়ুৰে ৰঞ্জে ভুজ চয় সদা।
ধৰি আছা হাতে শঙ্খ চক্ৰ পদ্ম গদা॥
শ্ৰীবৎস কৌস্তুভ শোভে হাড় হৃদয়ত।
পীতবস্ত্ৰ শোভে যেন বিজুলী মেঘত॥ ৩৮০
কৰ্ণত প্ৰকাশ কৰে মকৰ কুণ্ডল।
তাৰ ৰশ্মি শোভে গণ্ড বদন মণ্ডল॥
সুনন্দ কুমুদ নন্দ পাৰিষদচয়।
দণ্ড ছত্ৰ চামৰে চৌপাশে আৰাধয়॥ ৩৮১
হেন দিব্য মূৰ্ত্তিক পৰম জ্ঞানীগণে।
সদায়ে অৰ্চ্চন্ত গুণ নামৰ কীৰ্ত্তনে॥
নামেসে পৰম ধৰ্ম্ম জানিবা কলিত।
কলিৰ স্তুতিক কহোঁ শুনা একচিত্ত॥ ৩৮২
হে মহাপুৰুষ হে প্ৰণত পালক।
সদা বন্দো তোমাৰেসে পদ পঙ্কজক॥
সদায়ে চিন্তিবে যোগ্য এহিসে চৰণ।
ভকতৰ কৰে ইসে বাঞ্ছিত পূৰণ॥ ৩৮৩
ভৱ পৰাভৱক এহিসে কৰে ক্ষয়।
পৰম পবিত্ৰ ইসে তীৰ্থৰো আলয়॥
মহা সুখ ময় ইটো চৰণ দুখানি।
ব্ৰহ্মা হৰে আকেসে সেৱন্ত সত্য মানি॥ ৩৮৪
ভৃত্য মাত্ৰকৰে যত পীড়াক গুচাৱে।
সংসাৰ সাগৰ তৰি ইসে মহানাৱে॥