পৃষ্ঠা:নিমি-নৱসিদ্ধ সংবাদ.djvu/৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীশঙ্কৰ মহাভাগৱত

কৃষ্ণৰ আদেশে আমি হ্ৰস্ব-দীৰ্ঘ ছন্দে।
বিৰচিবো নৱসিদ্ধ কথাক প্ৰৱন্ধে॥৩
বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহা ভাগৱত।
পাইলা পৰীক্ষিতে শুকমুনিৰ মুখত॥
সাত দিন শুনি সুখে তৰিলা নৃপতি।
ঘোৰ কলি যুগে আত পৰে নাই গতি॥৪
শুক নিগদতি শুনিয়োক পৰীক্ষিত।
বসুদেৱ নাৰদ সংবাদ বিপৰীত॥
নিমি নৱসিদ্ধে যেন ভৈল উপাখ্যান।
কহোঁ সৱিশেষ কথা হুয়া সাৱধান॥৫
বাৰে বাৰে নাৰদক পঠান্ত মাধৱে।
নেড়ন্ত দ্বাৰকা ঋষি কৃষ্ণুক গৌৰৱে॥
জীৱন্তে মুকুত তেহোঁ জানিবা সাক্ষাত।
তথাপি উৎসুক অতি কৃষ্ণৰ সেৱাত॥৬
মুকুতি সুখতো কৰি ভকতিসে বড়।
তথাপি নভজে লোক কিনো কৰ্ম্মজড়॥
বাক্য কৰ্ণ মন মুখ আছে মানে যাৰ।
কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ॥৭
কৃষ্ণ পদ পঙ্কজক ভজে ব্ৰহ্মা হৰে।
নৰতনু পায়া ত্যজে কমন পামৰে॥
একো স্থানে মনুষ্যে মৃত্যুৰ নেড়াই হাত।
তথাপি নভজি মৰে কৰি আত্মঘাত॥৮