পৃষ্ঠা:নিমি-নৱসিদ্ধ সংবাদ.djvu/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
শ্ৰীশঙ্কৰ মহাভাগৱত

মায়াৰ যাতেক কাৰ্য্য কাৰণ সমস্ত।
দুনাই আনি মায়াত কৰান্ত সবে অস্ত॥
হৈবে অনাবৃষ্টি পাছে শতেক বৎসৰ।
মিলে মহা মৰণ লোকৰ নিৰন্তৰ॥১১৪
ত্ৰৈলোক্যক তাপ দিবে সকলে মাৰ্তণ্ড।
অনন্ত মুখৰ বহ্নি বজাইবে প্ৰচণ্ড।
পাতালৰ পৰা দহি আসে উপৰক।
লগত সহায় হৈবে বায়ু সম্বৰ্ত্তক॥১১৫
অগনিৰ শিখায়ে দহিবে দিশ দশ।
মেঘে বৃষ্টি কৰিবেক পাছে শতবৰ্ষ।
পৰে জলধাৰা হস্তী-শুণ্ডৰ সমান।
প্ৰলয়ৰ জলে কৰে জগত নিৰ্য্যাণ॥১১৬
নথাকয় প্ৰাণী আৰ ব্ৰহ্মাণ্ড ভিতৰ।
কৃষ্ণৰ কটাক্ষে নষ্ট হোৱে চৰাচৰ॥
স্থূল দেহ ভগ্ন হৈলে যত জীৱ ৰাশি॥
পুনৰপি লীন হোৱে প্ৰকৃতিত আসি॥১১৭
যিটো ব্ৰহ্ম মাধৱৰ ভকতি বিহীন।
তেহোঁ হোৱে আসি পুনু প্ৰকৃতিত লীন॥
ব্ৰহ্মাৰো মুকুতি নাই নভৈলে ভকতি।
সামান্যৰ কিবা কথা কহিবো নৃপতি॥১১৮
যেন কাষ্ঠ দহিলে অগনি নৰহয়।
সেহিমতে হোৱে সবে প্ৰকৃতিত লয়॥