এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
শ্ৰীশঙ্কৰ মহাভাগৱত
গৰ্ব্ব অহঙ্কাৰ ত্যজি যিটো জনে
অচিৰে যদি ভকতি।
তাতে মহাতুষ্ট হুয়া কৃষ্ণে দেন্ত
বৈকুণ্ঠ যত সম্পত্তি॥ ৫৪
যদি বোলা ৰাজা, অজ্ঞানীৰ ভয়
জ্ঞানেসে কৰে অন্তৰ।
কি কৰে ভকতি, হেন শঙ্কামতি
ত্যজিয়া শুনা উত্তৰ॥
ঈশ্বৰ বিমুখ, হোৱে যিটো নৰ,
ধৰে বিষ্ণুমায়া তাক।
এহি দেহ মোৰ, বোলে অজ্ঞানত,
পাসৰে নিজ আত্মাক॥ ৫৫
হোৱে জ্ঞান শূন্য, কোন পাপ পুণ্য
কৰিতে নপাৰে সাৰ।
বিষয় ব্যাকুল, সম্যকে বাতুল,
নুগুছে যাতনা তাৰ॥
যাহাৰ মায়াত, এতেক অনৰ্থ
ভজোক হেন মুৰাৰি।
এক চিত্ত হুয়া, কৃষ্ণত কৰিব,
ভকতি অব্যভিচাৰী। ৫৬
যাত বুদ্ধি আছে, একোৱে নবাঞ্চে,
এক কৃষ্ণু মাত্ৰ জানে।