পৃষ্ঠা:নিবেদন.djvu/৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
সন্ধ্যাদেবী।


সন্ধ্যাদেবি, সূৰ্য্যদেৱ বহে পচিমত,
সোণালী ৰহন সনা চুলিতাৰি মেলি;
 ওপৰত ডাৱৰ উঠিছে
জালী-কটা চন্দ্ৰতাপ তাত ওলমিছে।

দেখা যায় ৰিণি ৰিণি ওখ আকাশত
বাঁহলৈ উৰি যোৱা চৰাইবিলাক;
 কাণত বাজিছে আহি
সিহঁতৰ মাৰ যোৱা সুমধুৰ হাঁহি।

দিনত লুকাই থকা তৰাৰ সমাজ
তোমাক দেখিলে আহি আকৌ ওলায়,
 দেখা দিয়ে এটি দুটি কৰি
গাইপতি মণ্ডলৰ আৰোৱান ধৰি।

লৈ যোৱা সন্ধ্যাদেবি, চাওঁগৈ মই
এনে দেশ, যত আছে সুন্দৰ কানন,—
 নহয় মানুহে সজা,
ঋষিৰ নিবাস,—নানাবিধ গছ গজা।

তাৰ ওচৰেদি বোৱা মন্দাকিনী নৈ
বগা ঢৌ তুলি তুলি পাৰত শিলেৰে;
 বহিম পাৰতে তাৰ,
পাৰোঁ বা নোৱাৰোঁ গীত গাম সন্ধিয়াৰ।