পৃষ্ঠা:নিবেদন.djvu/৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
ৰাধালৈ



ৰাধালৈ।

বহা আহি দেবি মোৰ হৃদি আসনত,
 দুয়ো আমি হ’ম প্ৰেমাধাৰ,
হওঁ আমি পৰ্ব্বতৰ শোভাৰ মাজত
 নায়ক নায়িকা ভাৱনাৰ।

দুয়ো আমি বহি থাকি একটি শিলতে
 গৰু-চৰা চাম পথাৰত,—
তৰাং জানৰ পানী কুল্ কুল্ বোৱা,
 শুনি থাকি কুলিৰ মাজত।

ফুলেৰে সজাম দেবি তোমাৰ বদন,
 মালা ল’বা সুগন্ধি ফুলৰ—
মালতীৰে সজা খাৰু পিন্ধিবা হাতত,
 হৃদয়ত হাৰ গোলাপৰ।

বাঁহী বাহ ৰঙ্গ মনে শুনাম সদাই
 নাচিব লগৰ গৰখীয়া;
এইবোৰ ভাল পালে তোমাৰ মনত
 হোৱা তুমি মোৰ লগৰীয়া।