পৃষ্ঠা:নিবেদন.djvu/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

নিবেদন।

মৰণ।

মৰিলে নেযাওঁ আমি পৃথিবীৰ পৰা,
 থাকোঁ আমি ইয়াতে লুকাই,
আজি কোৱা কথাষাৰি বায়ুৰ লগত
 ঢৌ উঠি থাকিব সদাই।

মই জোৰা ঠাই খনি বায়ু-সাগৰত
 মৰিলেও পূৰণ থাকিব,
যিহকে কৰক মোক,—ৰূপান্তৰ কৰি
 নোৱাৰিব একোকে কৰিব।

অজৰ অমৰ মই আছোঁ চিৰকাল,
 আছিলোওঁ আগৰ পৰাই,
নহওঁ নতুন একো, নেযাওঁ ক‘লকো,
 ইয়াতেই থাকিম সদাই।

কেতিয়াবা ভাব মোৰ লুকাব মনৰ,
 মাতষাৰি হেৰাব মুখৰ,
নেথাকিব একো ভেদ আপোন পৰৰ,
 স্নেহ ভাব নৰ’ব মনৰ।