পৃষ্ঠা:নিবেদন.djvu/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
বৃন্দাবন।



বৃন্দাবন।

বৃন্দাবনে জুৰি আছে গোটেই জগত,
সকলো মানুহে তাত কৰিছে বিহাৰ;
সকলো গোপিনী তাত কৃষ্ণৰ আশ্ৰিত,
এজন পুৰুষ মাথোঁ কৃষ্ণ অৱতাৰ।

কামাতুৰ সকলেটি প্ৰেমত মজিছে,
পাৰ্থিৱ বসন আজি কৃষ্ণই হৰিছে,
পাপৰ জীৱন খোজে লুকাব লাজত,
তেতিয়াই ধৰা পৰে কৃষ্ণৰ আগত।

কৃষ্ণক পাহৰি যদি ভজে কাৰবাক
কৃষ্ণই তেতিয়া দিয়ে বাঁহীটি বজাই,
ততালিকে কৰা কাম কৰাতেই এৰি
লৰি আহি লগ ধৰি তাতে ভোল যায়।

সেইটি বাঁহীকে শুনি জগতে নাচিছে,
সূৰ্য্যই চন্দ্ৰই দুয়ো পোহৰ ঢালিছে,
এই খনি বৃন্দাবন সুৰম্য কানন,
আন নাই তাত মাথোঁ আছে গোপীগণ।