পৃষ্ঠা:নিবেদন.djvu/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
পৰিচয়।

নহ’ল তোমাৰ কথা; আকৌ এবাৰ
 ভাবি চাই দিয়াঁ সমিধান;—
প্ৰাচীন এচিয়াবাসী কৰ্ম্মৰ কাৰণে
 সঁপি দিছোঁ মোৰ মন-প্ৰাণ।

তোমাৰ উত্তৰ মোৰ মনে নধৰিলে,
 ভাল কথা কোৱাঁ তাতোকৈ;—
মানুহ জগতবাসী ধৰ্ম্মৰ উদ্দেশে
 পৃথিবীত ভাও দিছোঁ মই।

সিটিও তোমাৰ কথা ঠেক অন্তৰৰ,
 দিয়াঁ মোক যোগ্য সমাচাৰ;—
পৃথিবীৰ জীৱ মই মোক্ষৰ কাৰণে
 বিচাৰিছোঁ লগ কাৰবাৰ।

অলপ ওচৰ হ’ল, আৰু চাপি গই
 দিয়াঁ মোক ঠিক পৰিচয়;—
তেৱে মই তেঁৱে মই—পৰম আতমা—
 দুদিন ইয়াতে আছোঁ ৰই।

অলপ বুজিছাঁ তুমি, নিজক চিনিছাঁ,
 আৰু আছে বহু জানিবৰ;—
এইটি দেহেৰে আৰু একোকে নুবুজোঁ
 পিচেহে বুজিম বুজিবৰ।