পৃষ্ঠা:নাম-মালিতা.djvu/৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২

কেৱলে মুখত জগন্নাথ নাম
  কৰয় মাত্ৰ কীৰ্ত্তন।
সংসাৰ দুঃখত বঞ্চি মহা সুখে
 পাৱে ব্ৰহ্ম সনাতন॥
নাৰদ বচন থৈয়া এহিমান
  কহয় বিষ্ণু ধৰ্ম্মত।
চক্ৰায়ুধ ভগ ৱন্ত ঈশ্বৰৰ,
 নাম আছে যত হত॥৪৫১॥
সিসব নাম জানিবা কেৱলে
  কীৰ্ত্তন কৰব মাত্ৰ।
ঈশ্বৰৰ নাম  কীৰ্ত্তনত একো
 নাহি কাল দেশ পাত্ৰ॥
অশৌচাদি আনো একোৱে নিয়ম
 নাহি হৰি কীৰ্ত্তনত।
যিহেতু নামেসে সবাকো পবিত্ৰ
  কৰে জানা স্বৰূপত॥৪৫২॥
জ্ঞানে বা অজ্ঞান উত্তম শ্লোকৰ
  কীৰ্ত্তন কৰে নামক।
পুৰুষৰ পাপ দহয় সমস্ত
 অগনি যেন কাষ্ঠক॥
ক্ষত্ৰ বন্ধু নাম জান এক জন
 সমস্ত ধৰ্ম্ম বিহীন।