পৃষ্ঠা:নাম-মালিতা.djvu/৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১

তৈতে কৰ্ণধ্বজ   ৰাজাৰ আগত
 ব্ৰহ্মাৰ বচন কঞো॥
শুনিয়ো নৃপতি তোমাত সম্প্ৰতি
  কহোঁ সত্য স্বৰূপত।
মোৰ ইটো বাণী সত্য হেন জানি
 নিশ্চয় কৰা মনত॥৪৪৮॥
হৰিৰ নামৰ সকীৰ্ত্তন বিনে
 জানা ইটো পৃথিবীত।
সংসাৰ দুঃখত মোচন কৰন্তা
 নাহি আন কদাচিত॥
ব্ৰহ্মাৰ বচন থৈয়া এহিমান
  কহোঁ আৰু আতপৰ।
তৈতে সুশৰ্ম্মাৰ আগে নাৰদৰ
 বাক্য যেন মনোহৰ॥৪৪৯॥
হেলায় যিজনে জগন্নথ নাম
 একবাৰ উচ্চাৰয়।
নাহিকে সংশয় ব্ৰহ্ম হত্যা আদি
 পাতক মুকুত হয়॥
যতেক পৰম আচাৰ আছয়
 জানা ইটো পৃথিবীত।
সমস্তে বিহীন হুয়া তপ আদি
 ক্লেশে হুয়া বিবৰ্জ্জিত॥৪৫০॥