পৃষ্ঠা:নাম-মালিতা.djvu/৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০

যি সব মনুষ্যে মহেশ্বৰ নাম
  কপটে নিতে স্মৰয়।
তথাপিতে তনু তেজিয়া পাৱয়
 শিৱ লোক অনাময়॥৪৪৫॥
সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ
 দ্বাপৰে পূজা কৰয়।
পাৱে যেন ফল  কলিত শঙ্কৰ
  কীৰ্ত্তনে তাক পাৱয়॥
শিৱৰ নামৰ মহিমা কহিয়া
 সম্বৰিলা এহিমানে।
ব্ৰহ্ম ৰহস্যত  কহে যেন মত
 শুনা তাক বিদ্যমানে॥৪৪৬॥
যুধিষ্ঠিৰ নাম দ্বিজ অনুপম
 তান আগে ভগৱন্ত।
আপোন নামৰ কীৰ্ত্তন মহিমা
 আপুনি প্ৰভু কহন্ত॥
নিশ্চয় মোহোৰ নামক কীৰ্ত্তন
 কৰে বা যদি জপয়।
মহত পাপত উদ্ধাৰো তাহাক
 নাহিকে আত সংশয়॥৪৪৭॥
কৃষ্ণৰ বচনে নামৰ মহিমা
 কহি এহিমানে থঞো।