পৃষ্ঠা:নাম-মালিতা.djvu/৯৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯

দুলড়ী

হৰি কীৰ্ত্তনৰ ফল মনোহৰ
 শুনিলাহা নিৰন্তৰ।
শুনিয়ো সাম্প্ৰত শিৱ ৰহস্যত
 মহিমা শিৱ নামৰ॥
শিৱ হেন ইটো দুগুটি অক্ষৰ
 নাম মহা-মনোনিত।
কোনোবা প্ৰমাদে যি সব মনুষ্যে
 উচ্চাৰিল কদাচিত॥৪৪৩॥
তাসম্বাত পৰে মহা ভাগ্য হীন
 নাহিকে ইটো লোকত।
পৰম দুঃখিত হুয়া প্ৰতিনিত
 কৰয় শোক পাচত॥
শিৱ হেন নাম শব্দ অনুপাম
 আছয় হুয়া প্ৰখ্যাত।
বশবৰ্ত্তি মহা বচন সকল
 মুখতে আছে সাক্ষাত॥৪৪৪॥
তথাপিতো শিৱ বুলিয়া মনুষ্যে
 নুচ্চাৰয় অনুক্ষণ।
ঘোৰ নৰকত পখিয়া পচয়
 দেখিয়োক মহাজন॥

৬ (খ