পৃষ্ঠা:নাম-মালিতা.djvu/৯৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭

জানিবাহা নিশ্চযে গোবিন্দ কীৰ্ত্তনৰ।
এক শত ভাগো সৰে নোহে সমসৰ।
এক ক্ষণ মুহুৰ্ত্তবা জানা যিটো নৰে।
বাসুদেৱ নাম যেৱে কীৰ্ত্তন নকৰে॥৪৩৩।।
আত পৰে মহা হানি নাহি পুৰুষৰ।
তাকেসে বুলিয়া মহা ছিদ্ৰ নিৰন্তৰ॥
তাকেসে বুলিয়া মোহ সেহিসে বিভ্ৰম।
পৰম আপদ আৰ নাহি আক সম॥৪৩৪।।
জানি বাসুদেব নাম কৰিয়ো কীৰ্ত্তন।
সিটো সবে দোষ নিৰন্তৰে হৌক ছন্ন॥
এহিমানে মাত্ৰ জানিবাহা মহা জ্ঞান।
আকেসে বুলিয়া মহা তপস্যা প্ৰধান॥৪৩৫।।
এহিসে পৰম গুৰু জানিবা নিশ্চয়।
বাসুদেৱ বুলি যিটো কীৰ্ত্তন কৰয়॥
সত্যযুগে ভক্তিভাৱে বৰিয সতেক।
হৰিক অৰ্চ্ছিয়া ফল পাৱয় যতেক॥৪৩৬।।
কলি যুগে জানিবা গোবিন্দ কীৰ্ত্তনত।
পৰিপূৰ্ণে সিটো ফল পাৱয় সমস্ত॥
যদি হোৱে নৰ মহা আনন্দিত চিত্ত।
অতিশয় দুঃখে আৰ্ত্ত হোৱে বিপৰিত॥৪৩৭।
যদি হোৱে ক্ৰোধী নুহি হোৱে শান্তমন।
যেই সেই প্ৰকাৰ সময়ে যিটো জন॥