পৃষ্ঠা:নাম-মালিতা.djvu/৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৮০)

ইটো পৃথিবীত যিটো নৰ বুদ্ধিমন্ত।
নৃহৰি নামক নিতে কীৰ্ত্তন কৰন্ত॥৩৯৪॥
এতেকত সমস্তে পাপত মুক্ত হয়।
হৰিৰ সাযুজ্য পদ সাক্ষাতে পাৱয়॥
বৈশম্পায়ন সংহিতাত কেন হৰি নাম।
কীৰ্ত্তনৰ শুনা আৰু ফল অনুপাম॥৩৯৫॥
যিটোজন আতি সৰ্ব্ব ধৰ্ম্ম বহিৰ্ভুত।
হুয়া আছে আৰু সৰ্ব্ব পাতকে যুগুত॥
সিয়ো বিষ্ণু কীৰ্ত্তনক কৰন্তে সাক্ষাত।
হোৱয় মুকুত নাহি সংশয় ইহাত॥৩৯৬॥
হৰি কীৰ্ত্তনৰ আৰু মহিমা সাক্ষাত।
শুনিয়োক বৃহত বশিষ্ঠ সংহিতাত॥
ৰাজ কুমাৰক বাক্য বোলন্ত বশিষ্ঠ।
বোলন্ত শুনিয়ো ৰাজপুত্ৰ মহাশিষ্ট॥৩৯৭॥
সুৰ নামে অসুৰক মাৰি আছে হৰি।
এহি হেতু সুৰ জিত নাম আছে ধৰি॥
তাহান নামক মুখে কীৰ্ত্তন কৰন্ত।
শুনিয়োক যেন ফল পাৱে তাত হন্তে॥৩৯৮॥
তেজিয়া সকল পাপ সমূহ নিশ্চয়।
আৰ মুক্ত হুয়া মহা সুকৃতি সঞ্চয়॥
হোৱয় পবিত্ৰ সিটো মনুষ্য মহন্ত।
নাহি তাত পৰে আৰ পৰম শ্ৰীমন্ত॥৩৯৯॥