পৃষ্ঠা:নাম-মালিতা.djvu/৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
﴾ ৭৬ ﴿

ইটো সংসাৰৰ ঘোৰ বন্ধ দুঃখ চয়।
তাহাতে ক্ষেপণ তাক কৰোহোঁ নিশ্চয়॥৬৭২॥
শৰীৰ পীড়য় বিবিধ দুঃখগণে।
ভুঞ্জয় নিকাৰ মাত্ৰ সিটো সৰ্ব্বজনে॥
মনুষ্য শৰীৰ পায়া আমাক নভজে।
এহি মাত্ৰ দোষে ঘোৰ সংসাৰত মজে॥৬৭৩॥
শুনিলা সমাজে ইটো কৃষ্ণৰ বচন।
জানিয়া নেৰিবা হৰি নামৰ কীৰ্ত্তন।
এবিমানে কৈলো কৃষ্ণ দেৱৰ বচন।
পৰাশৰ সংহিতাত শুনা কৰি মন॥৬৭৪॥
শাম্ব কোঁৱৰক ব্যাস দেৱ নিদগতি।
শুনিয়োক শাম্বমোৰ বচন সম্প্ৰতি॥
ব্যাধি হন্তে যত ঘোৰ দুখ উপজয়।
শুনা কদাচিতো ইটো তীৰ্থে নুগুচয়॥৬৭৫॥
নানাবিধ ঔষধো নপাৰে গুচাইবাক।
যেন মতে গুচে ব্যাধি শুনা আবে তাক॥
যেবে হৰিনাম মহা ঔষধ পিৱয়।
গুচট সমস্তে ব্যাধি নাহিকে সংশয়॥৬৭৬॥
পৰম ঔষধ ৰাজা নাম মাধৱৰ।
তুমিয়ে কৰিয়ো তাক পান নিৰন্তৰ॥
তেৰেসে গুচিতে তযু ব্যাধি সমস্তয়।
তোহ্মাৰ আগত মঞি কহিলো নিশ্চয়॥৬৭৭॥