পৃষ্ঠা:নাম-মালিতা.djvu/৭৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৭০)

কলিৰ যুগত যিটো হৰিৰ নামক।
আপুনিয়ো স্মৰে হৰি স্মৰায়ে আনক৷
ইটো পৃথিৱীত যিটোজন দুৰাশয়।
সজ্জন সবৰ সদা দ্ৰোহ আচৰয়॥ ৩৩৯
সিয়ো হৰিনাম অনুদিন কীৰ্ত্তনত৷
হোৱয় পবিত্ৰ ধন্য জানা স্বৰূপত৷
গোবিন্দ নামক ধন্য বুদ্ধি যিটোজন৷
পৰম হৰিষে কৰে সদায় কীৰ্ত্তন॥ ৩৪০
নাহিকে পবিত্ৰ ধন্য সিজনক সৰি।
সেহিসে আছয় ইটো পৃথিবী ধৰি।
হেন জানি আছে যাৰ চেতন গাৱত।
কৰিয়োক মাত্ৰ ৰতি হৰি কীৰ্ত্তনত॥ ৩৪১
আত অনন্তৰ কৃষ্ণ নাম মহত।
শুনা যেন কহিছে প্ৰভাষ পুৰাণত।
নিশেষ নিগমে ভৈল লতা অনুপাম।
তাৰ অবিনাশী ফল জানা কৃষ্ণ নাম॥ ৩৪২
মধুৰতো মধুৰ ৰসতো সুনিৰ্ম্মল।
চৈতন্য স্বৰূপ মঙ্গলৰো সুমঙ্গল৷
হেলায় বা যদি নুহি পৰম শ্ৰদ্ধায়৷
ইটো কৃষ্ণ নাম একবাৰ মাত্ৰ গায়॥ ৩৪৩
এতেকতে কৃষ্ণ নামে তাৰয় তাহাক।
জানিবাহা ভৃগুবৰ ইটো সত্য বাক।