পৃষ্ঠা:নাম-মালিতা.djvu/৭৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৬৯)

তথাপিতো কৰি ক্ষয় সমস্তে পাপক।
সংসাৰ নিস্তৰি সবে গৈল বৈকুণ্ঠক॥৩৩৩॥
শত্ৰু ভাৱে পাইলে গতি ৰাজাগণ যত।
যাৰা সব পৰম উত্তম ভাগৱত॥
কৃহ্নত ভকতি মাত্ৰ কৰন্ত সাক্ষাত।
তাৰা পাইবে গতি কোন সংশয় ইহাত৷৩৩৪
এতেকে শুনিয়ো তাক কহো স্বৰূপত
কিবা কাৰ্য্য বেদাগম শাস্ত্ৰ বিস্তৰত।
অনেক তীৰ্থত কিবা আছে প্ৰয়োজন।
আপোনাৰ মুকুতিক যদি আছে মন॥৩৩৫
গোবিন্দ গোবিন্দ মুখে কৰিয়ো কীৰ্ত্তন।
এহিমানে মাত্ৰ মহা মোক্ষৰ সাধন।
পূৰ্ব্ব জনমৰ আছে পাপ যত যত।
যতেক পাতকচয় সিজয় সাম্প্ৰত৷
ভবিষ্যত কালে যত পাপ হইবে জাত৷
গোবিন্দ কীৰ্ত্তন বহ্নি দহয় সাক্ষাত
যত পাপ গণ সিজে অভক্ষ ভক্ষণে৷
উপজয় যত পাপ অগম্য গমনে৷৩৩৭
ইসব প্ৰমূক্ষে যত পাপ নিৰন্তৰে৷
গোবিন্দ কীৰ্ত্তন বহ্নি সবে ভস্ম কৰে।
মনুষ্য লোকত সিসি মহাভাগ্যবন্ত৷
পৰম কৃতাৰ্থ সিসি মনুষ্য মহন্ত৷৩৩৮