পৃষ্ঠা:নাম-মালিতা.djvu/৭৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শ্ৰৱণ কীৰ্ত্তন নিতে কৰিয়ো নামক।
পাইবা অনায়াসে গৈয়া ঈশ্বৰ কৃষ্ণক৷
সমস্তে শাস্ত্ৰৰ তত্ব সাৰ এহিমান।
দেখাইলোঁ ঈশ্বৰ বাক্যে প্ৰত্যক্ষে প্ৰমাণ৷৩২৮
নামৰ মহিমা আৰু সভাসদ লোক।
লঘু ভাগৱতে যেন কহে শুনিয়কো।
কৰে গৰু তিৰী বধ সুৱৰ্ণ হৰয়।
ব্ৰহ্ম বধ আদি পাপ সমস্তে কৰয়।৩২৯
জানিবাহা গোবিন্দৰ নাম কীৰ্ত্তনত৷
শতধা স্বৰূপে পাপ সবে হোৱে হত৷
ব্ৰহ্ম হত্যা আদি কৰি পাতক আচৰি।
হৰিনাম কীৰ্ত্তনে সবাকো ক্ষয় কৰি৷ ৩৩০
মুকুতিকো পাৱে কৰি পুৰুষ উদ্ধাৰ।
নানান শাস্ত্ৰত দেখাইলোহো বাৰম্বাৰ৷
শুনিয়োক আবে আৰু থিৰ কৰি মন।
ঈশ্বৰক দ্বেষ ভাৱ কৰে যিটোজন৷ ৩৩১
অহৰ্নিশি মাধৱক শত্ৰু বুদ্ধি কৰি।
তৰিল সংসাৰ তান নামক উচ্চাৰি।
সাক্ষাতে প্ৰমাণ আৰ লৈয়োক সাম্প্ৰত
শিশুপাল আদি শত্ৰু ৰাজাগণ যত৷ ৩৩২
মাধৱক শত্ৰু বুদ্ধি কৰি অবিশ্ৰাম
দ্বেষভাবে সুখত নছাড়ে তান নাম৷