পৃষ্ঠা:নাম-মালিতা.djvu/৭৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৬৭)

মনুষ্য লোকত ইটো কোন অদভূত।
নাৰকীকো যিটো নামে কৰয় মুকুত॥৩২২॥
পৰম আশ্চৰ্য্য কৰ্ম্মা হৰি মহেশ্বৰ।
তাহান নামক প্ৰসঙ্গত যিটো সৰ॥
শুনেবা যদিবা মুখে কীৰ্ত্তন কৰয়।
তথাপিতো তাৰ পাপ সমস্তে দহয়॥৩২৩॥
হেনয় হৰিৰ নাম যিটো মহাজন।
ভক্তিভাৱে কৰে নিতে শ্ৰৱণ কীৰ্ত্তন॥
দহিবেক তাৰ যত পাপ নিৰন্তৰ।
কোন অদভুত ইটো হৰিৰ নামৰ॥৩২৪॥
কহি ঐত ঈশ্বৰৰ নাম মহিমাক।
বায়ু পুৰাণত যেন মত শুনা তাক॥
ইটো জম্বু দ্বীপ গুণ বৰ্ণনা কৰন্তে।
নৰ্ম্মদা নদীৰ তীৰে প্ৰভু ভগৱন্তে॥৩২৫॥
বৈষ্ণৱ সবক যেন বুলিলা বচন।
কহো তাক শুনিয়োক থিৰ কৰি মন॥
বৈষ্ণৱ সবক সম্বোধিয়া নাৰায়ণ।
বোলন্ত শুনিয়ো সত্য আহ্মাৰ বচন॥৩২৬॥
একবাৰ মাত্ৰ মোৰ নাম উচ্চৰয়।
এতেকতে পাৱে মোক জানিবা নিশ্চয়॥
বেদতো ৰহস্য ইটো কৃষ্ণৰ বচন।
জানি সবে তেজি কৰা নামক কীৰ্ত্তন॥৩২৭॥