পৃষ্ঠা:নাম-মালিতা.djvu/৭২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৬৬)

নাৰকীক কৃপায়ে পুষ্কৰ মহাজন।
কৰিলা তহিতে হৰি নামক কীৰ্ত্তন॥
হৰিনাম কীৰ্ত্তন পৰম সুমঙ্গল।
নিলে উৎসুকে তাক নাৰকী সকল॥৩১৭॥
নৰক যাতনা দুঃখ এৰাই অদভুত।
নামৰ প্ৰসাদে ভৈল সমস্তে মুকুত॥
যেন মতে বিষ্ণুৰ নামৰ কীৰ্ত্তনত।
নৰকীয়ো সদ্যে মুক্ত হুয়া নৰকত॥৩১৮॥
মুকুতি পদকো গৈয়া পাৱয় সাক্ষাত।
সেহিমতে কথা মঞি কহিলোঁ তোহ্মাত॥
এতেকেসে হৰিনাম কীৰ্ত্তনত পৰ।
ইহলোকে ধৰ্ম্ম আৰ নাহি শ্ৰেষ্ঠতৰ॥৩১৯॥
কুকুৰকো খায় যিটো চাণ্ডাল অধম।
পাপমাত্ৰ আচৰে অনেক কৰি শ্ৰম।
তথাপি ততেক পাপ কৰিতে নোৱাৰে।
বিষ্ণু নামে যত পাপ হৰিবাক পাৰে॥৩২০॥
অনাদি পুৰুষ বিষ্ণু তানে নামচয়।
সোপনতো যিটো নৰে স্মৰণ কৰয়॥
তথাপিতো তাহাৰ অক্ষয় পাপ যত।
ঈশ্বৰৰ নামে ক্ষয় কৰয় সমস্ত॥৩২১॥
হৰিনাম কীৰ্ত্তন কৰন্তে প্ৰত্যক্ষত।
তাহাৰ পাপক নামে কৰিবেক হত॥