পৃষ্ঠা:নাম-মালিতা.djvu/৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬২)

চাণ্ডাল প্ৰমুক্ষে যত অন্ত্যজ আছয়।
যি সব গৃহত নিতে মহাজন চয়।
দেৱতা বিষ্ণুক সদা কীৰ্ত্তন কৰয়॥২৯৫॥
ভুত প্ৰেত পিশাচ দানব নিশাচৰ।
বিনায়ক বেতাল কুষ্মাণ্ড নিৰন্তৰ॥
যক্ষ আদি কৰি আনো আছে যত যত
কদাচিতো নথাকয় কীৰ্ত্তন থানত॥২৯৬॥
শুনিলা মহিমা ইটো হৰি কীৰ্ত্তনৰ।
কহো আবে মাহাত্ম্য ঈশ্বৰ স্মৰণৰ॥
শ্ৰীৰাম চন্দ্ৰ মহেশ্বৰ ভগৱন্ত।
বশিষ্ট প্ৰমুক্ষ সবে সভাত কহন্ত॥২৯৭॥
হুয়া একবাৰ যিটো আমাত প্ৰপন্ন।
ভৈলোহোঁ তোহ্মাৰ বুলি প্ৰাৰ্থয় যিজন॥
শুনিয়ো স্বৰূপ বাণী সভাসদ যত।
আজন্ম প্ৰভৃতি মোৰ সংকল্প মনত॥২৯৮॥

সৰ্ব্বদা অভয় মঞি দেঞো সিজনক॥
আছো আন ভয় তাৰ নাহিকে যমক
পাথৰৰ ৰেখা যেন বচন ৰামৰ।
এহিমানে সৰোদ্ধাৰ সমস্তে শাস্ত্ৰৰ॥২৯৯॥

আত অনন্তৰে আবে শুনিয়ো সম্প্ৰতি।
প্ৰভাতে উঠিয়া যিটো নৰ মহামতি॥