পৃষ্ঠা:নাম-মালিতা.djvu/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
﴾ ৫৯ ﴿

পৰম নিয়ত চিত্ত হুয়া অতিশয়।
সৰে তেজি মোক মাত্ৰ উপসা কৰয়॥২৭৮॥
এহিমতে ভক্তি মোত কৰে যিটোজনে।
কদাচিতো তাক মঞি নপাসৰোঁ মনে॥
মোত পৰে ভক্তে চিত্ত নেদব আনত।
মোকেসে নিৰ্ম্মল মনে স্মৰয় সতত॥২৭৯॥
নিত্য নিয়ত চিত্ত হুয়া সৰ্ব্বক্ষণে।
মোৰ ভক্তি যুক্ত হুয়া মোক চিন্তে মনে॥
যদ্যপি অৰ্জ্জুন মঞি পৰম দুৰ্ল্লভ।
সিটো ভকতৰ হয়োঁ অত্যন্ত সুলভ॥২৮০॥
পৰম অভ্যাস যোগ যুক্ত হুয়া ছিতে।
অনন্য শৰণে মোক যিটো চিন্তে নিতে॥
দিনে দিনে চিন্তে বাঢ়য় অনুৰাগ।
নেৰয় চিত্তত মোক সিটো মহাভাগ॥২৮১॥
নোচোৱে অৰ্জ্জুন তাক সংসাৰৰ দুঃখে।
পৰম পুৰুষ দিব্য মোক পাবে সুখে॥
এহিমানে সম্বৰিলোঁ কৃষ্ণৰ বচন।
অৰ্জ্জুনৰ বাক্য শুনা থিৰ কৰি মন॥২৮২॥
মাধৱৰ বিশ্বৰূপ অৰ্জ্জুনে আকলি।
নম্ৰভাৰে বচন বোলন্ত কৃতাঞ্জলি॥
হে হৃষীকেশ প্ৰভু দেৱ মহেশ্বৰ।
তযু নাম কীৰ্ত্তন কৰন্তে নিৰন্তৰ॥২৮৩॥