এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
﴾ ৫৭ ﴿
শুনিয়ো নৃপতিগণ বচন আহ্মাৰ।
যিকালত দুষ্ট দুঃশাসন দুৰাচাৰ॥২৬৭॥
সভামধ্যে দ্ৰৌপদীক বিবস্ত্ৰ কৰয়।
বিবস্ত্ৰ লজ্জাক দ্ৰৌপদীৰ ভৈলা ভয়॥
দেখিলন্ত পাঞ্চো পতি নিষ্প্ৰভ প্ৰতাপ।
পাঞ্চোজন ভৈল নিৰ্ব্বিষ যেন সাপ॥২৬৮॥
সমজ্যাত মোক নেদেখিলা বিদ্যমান।
গুণন্ত আমাক কোনে কৰিবেক ত্ৰান॥
বিচাৰিয়া মনে পাচে কৰিলন্ত সাৰ
গোবিন্দ বিনাই মোৰ নাহিকে নিস্তাৰ॥২৬৯॥
দেখিলে যদ্যপি মঞি আছোঁ বিদূৰত।
উচ্চ কৰি গোবিন্দ গোবিন্দ উচ্চাৰন্ত॥
শুনি সমজ্যাৰ লোক আশ্চৰ্য্য ভৈলন্ত॥২৭০॥
শৰীৰেসে মাত্ৰ মঞি আছো বিদূৰত।
সুমৰন্তে ভৈলোঁ তান হিয়াত বেকত॥
কিমতে লজ্জাক ৰাখোঁ হেন মনে গুণি।
বস্ত্ৰৰূপ তান মঞি ভৈলোহোঁ আপুনি॥২৭১॥
কোনো জনে তান একো অঙ্গ নেদেখিল।
সভাৰ লোকৰ মনে আশ্চৰ্য্য মিলিল॥
কৰিলন্ত বশ্য মোক নামৰ কীৰ্ত্তনে।
শ্ৰনণ মাত্ৰকে প্ৰবেশিলা মোৰ মনে॥২৭২॥