পৃষ্ঠা:নাম-মালিতা.djvu/৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৫৪)

এহিমতে লৈল মোৰ শৰণ যিজনে।
দুঃখময় সংসাৰত উদ্ধাৰো তেখনে॥
কৃষ্ণে কহিলন্ত যত নামৰ মহত্ত।
এহি কথা যমে কৈলা দূতৰ আগত॥২৫১॥
কৃষ্ণৰ বচন যমে কহন্তে দূতত।
শুনিলে নাৰকী লোকে যমৰ মুখত॥
নামৰ মহিমা শুনি মনত সন্তোষে।
কৃষ্ণ কৃষ্ণ বুলিয়া নাৰকী লোকে ঘোষে॥২৫২॥
কৃষ্ণ কৃষ্ণ নৰসিংহ বুলি ছাড়ে ডাক।
পশিলোঁ শৰণে কৃষ্ণ উদ্ধাৰা আমাক॥
যেন যেন মতে হৰি কীৰ্ত্তন কৰিল।
সেহি সেহি মতে হৰি ভকতি লভিল॥ ২৫৩॥
হৰি ভক্তিযুক্ত হুয়া নৰক দুঃখক।
এৰায়া আনন্দে গৈল বৈকুণ্ঠ লোকক॥
হৰিৰ নামৰ দেখা মহিমা অদ্ভুত।
নাৰকীকো কৃষ্ণ নামে কৰিলে মুকুত॥২৫৪॥
হেন জানি আছে যাৰ গাৱত চেতন।
ভাষভূষ তেজি কৰা কৃষ্ণৰ কীৰ্ত্তন॥
প্ৰসঙ্গ সংযৰি নৰসিংহ পুৰাণৰ।
বৃহৎ নৰসিংহত শুনিয়ো আতপৰ॥ ২৫৫॥
ইন্দ্ৰিয়ক নিয়ম কৰিয়া যিটোজন।
প্ৰতি দিনে দিনে কৰে গোবিন্দ কীৰ্ত্তন॥