পৃষ্ঠা:নাম-মালিতা.djvu/৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৪৮)

অম্বৰিষ নৃপতিৰ  আগত শুনিয়ো যেন
 মহা ঋষি শৌনক বচন॥
অম্বৰিষ শুনিয়োক  পৰম কল্যাণ ৰূপ
 ভক্তিভাৱে মোহৰ বচন।
ধৰ্ম্ম অৰ্থ কাম মোক্ষ   সবাহাৰে সিদ্ধি হেতু
 কৰিয়োক গোবিন্দ কীৰ্ত্তন॥২৩২॥
শুনিয়ো ৰাজেন্দ্ৰ তুমি  পৰম জ্ঞানক ইচ্ছা
 কৰা যদি থিৰ কৰি মন।
জ্ঞান হন্তে পৰম্পদ  লভিবা আদৰে তেবে
 কৰা সদা গোবিন্দ কীৰ্ত্তন॥
ব্ৰহ্ম হত্যা আদি কৰি  পাতকৰ ক্ষয় ইচ্ছা
 কৰা তুমি নৃপতি মনত।
ইন্দ্ৰিয় সমূহ তেবে  নিয়মি গোবিন্দ নাম
 কৰিয়োক কীৰ্ত্তন সতত॥২৩৩॥
ৰাজ্যক কৰাহা ইচ্ছা নুহিবা বিপুল ভোগ
 কৰা ইচ্ছা বিশিষ্ট পুত্ৰক।
আনোবা সম্পদে ইচ্ছা  থাকে সদা মহা যত্নে
 কীৰ্ত্তন কৰিয়ো গোবিন্দক॥
কৰা ইচ্ছা তুমি যেৱে  পূৰ্ব্ব জনমৰ যত
 আছে পাপ সবে ক্ষয় হৌক।
তোহ্মাৰ কৰ্ত্তব্য তেৱে  গোবিন্দ নামক ৰাজা
 সদায় কীৰ্ত্তন কৰিয়োক॥২৩৪॥
ৰণ সময়ত যেৱে  ৰিপুক জিনিবে প্ৰতি
 আছে ইচ্ছা নৃপতি তোহ্মাৰ।