পৃষ্ঠা:নাম-মালিতা.djvu/৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

অযুত কন্যা দানক কৰয়।
তাত হন্তে পুণ্য নৰে যতেক পাৱয়॥১৮১॥
টি সহস্ৰেকে পুণ্য পাৱে যত॥
ততোধিক পুণ্য পাৱে হৰি কীৰ্ত্তনত॥
কায় বাক্য মনত উপজে পাপ যত।
সিসব পাতক নাহি ইটো জগতত॥ ১৮২॥
কলিযুগে কীৰ্ত্তন কৰন্তে গোবিন্দক।
কৰিবে নপাৰে দূৰ যিসব পাপক॥
যত মহাপাপ ৰাশি আছে পুৰুষত।
গোবিন্দ কীৰ্ত্তনে তাক সদ্যে কৰে হত॥১৮৩॥
বহু জন্মাৰ্জ্জিত পাপ যতেক আছয়।
বাসুদেৱ কীৰ্ত্তনে তেক্ষণে নষ্ট হয়॥
দামোদৰ কীৰ্ত্তনে সে পৰম মঙ্গল।
দামোদৰ নামে ধন আৰ্জ্জন সকল॥১৮৪॥
জীৱনৰো এহিমানে ফল সমুদায়।
দামোদৰ কীৰ্ত্তনক কৰিব সদায়॥
যতেক পাতেক ৰাশি আছে পুৰুষত।
মহা উচ্চ পাপ ভাগী হোৱে পাপী যত॥১৮৫॥
যত ভয় আছে সৰ্প আদি নানা মত।
নাম উচ্চৰন্তে হৰি সবে কৰা হত॥
প্ৰমাদতো যদি নৰে স্মৰণ কৰয়।
তাক যেন অগনিৰ কণায়ে দহয়॥১৮৬॥