পৃষ্ঠা:নাম-মালিতা.djvu/৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ৩৭ )


জনন মৰণ দুঃখ এৰাৱে নিকাৰ।
হেনয় কৃষ্ণক সদা কৰোঁ নমস্কাৰ॥১৭৬॥
যিটো ঈশ্বৰক মনে কৰন্তে স্মৰণ।
যাৰ নাম গুণচয় কৰন্তে কীৰ্ত্তন॥
যত আধি ব্যাধি চয় আছে পুৰুষত।
তত কালে হোৱে আতি প্ৰলয় সমস্ত॥১৭৭
গুচে বহু দুঃখ নাম কীৰ্ত্তনতে যাৰ।
হেন অনন্তক মঞি কৰো নমস্কাৰ॥
হেলা ৰূপে ৰাৰ নাম স্মৰণ মাত্ৰত।
তত কালে পাতক সমুহ হোৱে হত॥১৭৮॥
[১] অশ্ৰোত্ৰিয় ব্ৰাহ্মণক দান দেই যত।
যেন মতে সিটো দান সবে হোৱে হত॥
সেহি মতে জানিবা নাৰদ মহাশয়।
ঈশ্বৰক সুমৰন্তে পাপ নষ্ট হয়॥১৭৯॥
প্ৰভাত সময় যিটো গোবিন্দ বোলয়।
উচ্চৰে গোবিন্দ নাম মধ্যাহ্ন সময়॥
সন্ধ্যাত গোবিন্দ নাম কীৰ্ত্তন কৰয়।
[২] মুখ কোটি শত উপপুণ্যক পাৱয়॥১৮০॥
কোটি এক অযুত কৰি ধেনু দান
তাত হন্তে পুণ্য নৰে পাৱে যত মান॥


  1. অশ্ৰোত্ৰিয় বেদ নজনা
  2. মুখ —যজ্ঞ।