পৃষ্ঠা:নাম-মালিতা.djvu/২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

২৩

জাতিত ৰাক্ষস  নামত সুশৰ্ম্মা
 দেখি তাৰ শুদ্ধমন।
তাহাৰ আগত  শ্ৰীৰূদ্ৰ দেৱে
 বুলিলা হিত বচন॥
সদায় কৃষ্ণৰ  নাম মাত্ৰ গাইবা
 জানিয়া ধৰ্ম্ম প্ৰধান।
হৰিৰ পৰম  ৰূপ মনোহৰ
 সদায় কৰিবা ধ্যান॥১১৩॥
মুৰাৰিৰ নাম  কীৰ্ত্তন কৰিবা
 সদায় নিশ্চয় মতি।
ইসব প্ৰকাৰে  সংসাৰক তৰি
 লভিবা পৰম গতি॥
ৰূদ্ৰৰ বচন  থৈলোঁহো কৃষ্ণৰ
 নামৰ কহোঁ মহত।
তাতে শুনা আৰু  কহি আছে যেন
 শিৱ নাম মাহাত্ম্যত॥ ১১৪॥
শিৱৰ কৃষ্ণৰ  নামত কিঞ্চিতো
 নাহিকে জানা অন্তৰ।
শিৱৰ যতেক  গুণ নাম সিয়ো
 জানা সবে মাধৱৰ॥
আপোনাৰ গুণ  নাম নাৰায়ণে
 শিৱত সৱে অৰ্পিলা।