এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১
কৃষ্ণৰ স্মৰণ প্ৰসাদে মোহোক
বিকল নভৈল চিত্ত।
দেখিয়োক কেনে, কৃষ্ণ স্মৰণক,
অনুভাব বিপৰিত॥১০৭॥
প্ৰহ্লাদ বচনে, কৃষ্ণ স্মৰণৰ,
মহিমা কৰি বেকত।
শুনা তাতপৰ, কৃষ্ণ স্মৰণৰ
অনুভৱ যেন মত॥
মহাউগ্ৰ তৰ, কলিৰ কল্মষ,
দেখা কেন বল আৰ।
মনুষ্যক নিয়া, ঘোৰ নৰকত
ভুঞ্জাৱে দুঃখ নিকাৰ॥ ১০৮॥
ঈশ্বৰ কৃষ্ণৰ, নাম এক বাৰ;
কীৰ্ত্তন যিটো কৰয়।
সদ্যে যেন বহ্ণি, কলিৰ পাপক,
দহিয়া ভষ্ম কৰয়॥
যাৰ এক বাৰ, স্মৰণে তেখনে,
কলি পাপ নষ্ট কৰে।
হেনয় কৃষ্ণক নভজিয়া নৰে
নিকাৰ ভুঞ্জিয়া মৰে॥১০৯॥
প্ৰভাত সন্ধ্যাত নিশা মধ্যাহ্ণদি
সময়ত নাম লৈয়া।