পৃষ্ঠা:নাম-মালিতা.djvu/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০

কৃষ্ণৰ স্মৰণ আৰু মহিমা বিমত।
দেখাঞো স্পষ্ট কৰি প্ৰহলাদৰ বচনত॥১০৪
শুনা সভাসদ পদ নাম, মালিকাৰ।
মাধৱৰ নাম ধৰ্ম্ম সৰ্ব্ব শাস্ত্ৰ সাৰ॥
সংসাৰ তৰিতে প্ৰতি যাৰ আছে কাম।
কৃষ্ণক চিত্তত ধৰি ডাকি বোলা ৰাম॥১০৫॥


দুলৰী।

প্ৰহলাদ বদতি   শুনিয়ো সম্প্ৰতি
  কৃষ্ণৰ নাম মহত।
বিষ্ণু পক্ষজানি   মোক পিতৃ আনি
  দুঃখ দিলা নানা মত॥
দিগ্‌গজ সবৰ   দন্ত নিৰন্তৰ,
  অগ্ৰভাগ বজ্ৰময়।
মোৰ গাৱে লাগি   সিয়ো গৈল ভাগি
  ইটো বল মোৰ নয়॥১০৬॥
পৰম বিপদে   পৰি মনে মঞি
  সুমৰিলো জনাৰ্দ্দন।
সমস্তে বিপদ   বিনাশিয়া মোক
  ৰাখিলন্ত নাৰায়ণ॥